
অসমত কৰ্তব্যৰত অৱস্থাত শ্বহীদ সেনা জােৱান, অন্ত্যেষ্টিক্ৰিয়াত সনসমুদ্ৰ
January 10, 2023নিউজ ডেস্ক। পুনৰ দেশ মাতৃৰ সুৰক্ষাত নিয়ােজিত সেনা জােৱানৰ মৃত্যু।
অসমত কৰ্তব্যৰত অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকােৱালি ল’লে হাৰিয়ানাৰ ফতেহাবাদৰ পীলীমন্দােৰী গাঁৱৰ বাসিন্দা মনােজ কুমাৰ দাহিয়াৰ।

জানিব পৰা মতে, পুৱা নিজৰ শােৱনি কােঠাতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় জােৱানজনক।
এই খবৰ লাভ কৰাৰ পিছতে জােৱানজনৰ ওপজা গাঁৱত এক শােকাকুল পৰিৱেশে বিৰাজ কৰে।
মংগলবাৰে জােৱানজনৰ মৃতদেহ ওপজা গাঁৱত উপস্থিত হােৱাৰ পাছতে জনসমুদ্ৰৰ মাজেৰে নশ্বৰ দেহ লৈ বৃহৎ শােভাযাত্ৰা উলিওৱা হয়।

ইয়াৰ পিছতে সামৰিক মৰ্য্যদাৰে সম্পন্ন হয় জােৱানজনৰ অন্ত্যষ্টিক্ৰিয়া।
ইং ১৯৯৩ চনৰ ২ অক্টােবৰত জন্মগ্ৰহণ কৰা শ্বহীদ সেনা জােৱানজনে ইং ২੦১১ বৰ্ষত ভাৰতীয় সেনাবাহিনীত যােগদান কৰিছিল।
ইয়াৰ পিছত ইং ২੦১৮ চনৰ ১১ ডিচেম্বৰত মঞ্জু বালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
মৃত্যুৰ সময়ত জােৱানজনে পত্নী আৰু ৩ বছৰীয়া কন্যা সন্তান হেজালৰ উপৰি আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
[…] […]