অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক। পুনৰ কংগ্ৰেছ দলক কটাক্ষ অসম চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

তামুলপুৰত গড়কাপ্তানি বিভাগৰ এটা কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে ১੦੦ আসন লাভ কৰাটাে নিশ্চিত, কিন্তু অসমত নহয় বাংলাদেশতহে এই আসন লাভ কৰিবলৈ সক্ষম হ’ব।

মন্ত্ৰীগৰাকীয়ে সাংবাদিক প্ৰশ্নৰ উত্তৰ দি কয় যে ৰিপুন বৰাই সভা অনুষ্ঠিত কৰা ঠাইসমূহ প্ৰথমে লক্ষ্য কৰক, তাৰ পাছতহে কংগ্ৰেছ দলে কিমান আসন লাভ কৰিব সেয়া অনুমান কৰক।

উল্লেখ্য যে শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ শিলান্যাস কৰে।

তাৰ পিছতে বৰমা-ধমধমা-তামুলপুৰ পথৰ পাগলাদীয়া নদীৰ ওপৰত নিৰ্মাণ হ’ব লগা দলংখনৰো শিলান্যাস কৰে মন্ত্ৰীগৰাকীয়ে।

দলংখনৰ শিলান্যাস কৰি মন্ত্ৰী গৰাকীয়ে পোনে পোনে তামুলপুৰ মটঙা চকত উপস্থিত হয়।

মটঙাচকত উপস্থিত হৈ তামুলপুৰ-পানেৰী-ওদালগুৰি পথটো ৰাইজৰ বাবে মুকলি কৰি দিয়ে। তাৰ পিছতে তামুলপুৰত নিৰ্মাণ হ’ব লগা মেডিকেল কলেজৰ ভূমি পৰিদৰ্শন কৰে।

ইপিনে আঁচনি সমূহৰ শুভাৰম্ভ কৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত বহু নেতা দলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিৰ্বাচনৰ পিছত এই প্ৰতিশ্ৰুতি সমূহ পালন কৰা মানুহ খুৱ কম বুলি কলেও ভুল নহয়।

অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিটিচি অঞ্চলত যিমান পাৰো কাম কাজ কৰিছো বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অহা ৭ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী পুনৰ অসমলৈ আহিব।

Leave a Comment