নিউজ ডেস্ক। অসমবাসীলৈ বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ।
উত্তৰ-পূবৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব ১੦੦ খন বিছনাযুক্ত আই চি ইউ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেশ্বন’ নামৰ সংস্থাটোৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজি চুক্তি কৰিছে।
এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী ডাঃ জলি ৰাভাই জানিবলৈ দিয়া মতে, যুৱৰাজ সিং ফাউণ্ডেশ্বনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে।
২০১৪ চনৰ পৰা এ এম চিৰ পেডিয়েট্ৰিক কেঞ্চাৰৰ সৈতে জড়িত ডাঃ ৰাভাই যোগাযোগ চলিছিল যুৱৰাজ সিং ফাউণ্ডেশ্বনৰ সৈতে। অৱশেষত ডাঃ ৰাভাৰ প্ৰচেষ্টাতে ফাউণ্ডেশ্বনে এই বৃহৎ প্ৰকল্পটো প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে।
ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগীসকলৰ বাবেহে এই বিচনা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ডাঃ ৰাভাই।
#HelpingHand
— Assam Medical College (@AMCHDibrugarh) July 16, 2021
An MOU is signed with ‘Yuvraj Singh foundation’ for a 100 bedded Paediatric ICU in AMCH to boost the critical care during covid.
Team AMCH offers its thankfulness to @YUVSTRONG12 @YUVCanVentures@CMOfficeAssam
for this noble gesture.
We rise by lifting others. pic.twitter.com/jegJPMwx1X
তেওঁ লগতে জানিবলৈ দিয়া মতে, সমগ্ৰ ভাৰতৰ ১২ খন চিকিৎসালয়ত যুৱৰাজ সিং ফাউণ্ডেশ্বনে প্ৰদান কৰিবগলীয়া পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেণ্টাৰৰ ভিতৰত উত্তৰ-পূবৰ শ্বিলং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত হ’ব পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেণ্টাৰ ।
ইফালে, যুৱৰাজ ফাউণ্ডেশ্বনৰ কৰ্মকৰ্তাসকলে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
লগতে চাওকঃ