অসমৰ প্রথম আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা ডঃ নন্দিনী বৰুৱা শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক। অসমৰ ক্ৰীড়া জগতৰ বাবে এক দুঃসংবাদ।

অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিছ খেলুৱৈ, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক ডঃ নন্দিনী বৰুৱা শৰ্মাৰ ৬২ বছৰ বয়সত বিয়ােগ।

বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা খ্যাতনামা টেবুল টেনিছ খেলুৱৈয়ে শনিবাৰে দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁ মাতৃৰ উপৰি স্বামী তথা অৱসৰপ্রাপ্ত ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া হেমাংগ কিশোৰ শর্মা, জীয়ৰী, পুত্রকে ধৰি এক ডাঙৰ পৰিয়াল এৰি গৈছে।

The-first-International-sportsperson-and-renowned-table-tennis-player-from-Assam-Dr-Nandini-Barua-Sa

ডঃ নন্দিনী বৰুৱা শৰ্মা

উল্লেখ্য যে যোৰহাটৰ প্ৰখ্যাত কে কে বৰুৱা পৰিয়ালৰ জীয়ৰী নন্দিনীয়ে স্কুলীয়া সময়ৰ পৰাই এক উজ্জ্বল সম্ভাৱনাৰ পৰিচয় দিছিল।

১৯৭০ চনৰ সময়ছোৱাত খুব কম বয়সতে ৰাজ্যিক স্তৰৰ টেবুল টেনিছ প্ৰতিযোগিতাত ছোৱালী আৰু মহিলাৰ শাখাত চেম্পিয়ন হোৱাৰ পাৰদৰ্শিতা দাঙি ধৰিছিল।

তেওঁ অসমৰ ছোৱালী দলটোৰ নেতৃত্ব দিয়াৰ লগতে ১৯৭৪ চনত টেবুল টেনিছ প্ৰতিযোগিতাত ছোৱালীৰ শাখাত পদ্মৱতী ট্ৰফী বিজয়েৰে উচ্চ সন্মান লাভ কৰিছিল।

তেওঁ হৈছে জাপানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপ টি টিত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ।

নন্দিনীৰ নেতৃত্বত গঢ়া অসমৰ ছোৱালী টেবুল টেনিছ দলটোৱে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভিত্তিত টেবুল টেনিছ প্ৰতিযোগিতাৰ সৰহভাগ খিতাপ দখল কৰিছিল।

খেলৰ লগতে শিক্ষা ক্ষেত্ৰতো পাৰদৰ্শী নন্দিনীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত পি এইচ ডি সন্মান অৰ্জন কৰে।

পিছত দিছপুৰ মহাবিদ্যালয়ত ইংৰাজী বিভাগত যোগদান কৰে আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেওঁ বিভিন্ন টেবুল টেনিছ শিবিৰতো খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিছিল।

তেওঁ অসমৰ টেবুল টেনিছ সংস্থাৰ উপ-সভাপতি হিচাপে বিগত ২০০৮ চনৰ পৰাই যুক্ত আছিল।

আনকি টি টি এফ আইৰ দুটা কাৰ্যকালতো তেওঁ উপ-সভাপতি পদত আছিল।

তেওঁৰ আকস্মিক বিয়োগত ৰাজ্যৰ ক্রীড়া মহলত শোকৰ ছাঁ পৰিছে।

অসম চৰকাৰৰ মন্ত্রী পীয়ুষ হাজৰিকা, অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদক ত্রিদিৱ দুৱৰাকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

লগতে চাওকঃ

সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়ােগ

Leave a Comment