অৰ্দ্ধ তলাবন্ধৰ মাজতে নিম্নগামী ক’ভিডৰ পৰীক্ষা, এদিনত মৃত্যু ৭৬ জনৰ

নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যত প্ৰতিদিনে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে।

বৃহস্পতিবাৰে ৭৫ জনৰ মৃত্যুৰ পাছত শুকুৰবাৰে পুনৰ ৭৬ জনৰ ক’ভিডত মৃত্যু হয়।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য।

স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৪,੦৭৮ জন। ইয়াৰে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,১੦৭ জন।

টুইটাৰত মহন্তই প্ৰকাশ কৰা অনুসৰি, দিনটােত সৰ্বমুঠ ৪৪,੦৭৫ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

এই অনুসাৰে আক্ৰান্তৰ হাৰ ৯.২৬ শতাংশ।

ইপিনে, বিগত এসপ্তাহত প্ৰথমবাৰৰ বাবে দৈনিক ক’ভিডৰ পৰা সুস্থ হৈ উঠা লােকৰ সংখ্যাই নতুনকৈ আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে।

অৱশ্যে দিনটােত তুলনামূলকভাৱে পৰীক্ষাৰ সংখ্যা কম হােৱা বাবেই এনে হােৱা বুলি ধাৰণা কৰা হৈছে।

দিনটােত নতুনকৈ আক্ৰান্ত ৪,੦৭৮ জনৰ বিপৰীতে সৰ্বমুঠ ৪,১৬৮ জন লােকে সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা অব্যাহত দিয়া হয়।

লগতে চাওকঃ

কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

Leave a Comment