কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। দেশত কোৰোনা পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ।

মহামাৰী কোৰোনাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে দেশৰ জনসাধাৰণ। কিন্তু তেনে সময়তে এক আজৱ মন্তব্য কৰিছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে।

তেওঁ কয় যে কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো জীয়াই থকাৰ অধিকাৰ আছে।

এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে হৈ পৰিছে ভাইৰেল।

ৰাৱাটে এক টিভি সাক্ষাৎকাৰত মন্তব্য কৰি কয় যে- “দাৰ্শনিক দৃষ্টিকোণৰ পৰা চালে, কোৰোনা ভাইৰাছ এটা জীৱিত জীৱ। আন প্ৰাণীসমূহৰ দৰে তাৰো জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু মানৱ জাতিয়ে নিজকে সবাতোকৈ বুদ্ধিমান বুলি ভাবি লৈ তাক শেষ কৰিবলৈ চেষ্টা কৰিছো। যাৰ ফলত সি তাৎক্ষণিকভাৱে নিজৰ ৰূপ সলনি কৰিছে।”

তেওঁ আৰু কয় ”আমি তাৰ পৰা আতৰি থাকিব লাগিব। যাতে সিয়ো বাছি থাকে আৰু আমিও বাছি থাকো। কিন্তু এইটো ঠিক যে তাতকৈ আমি অধিক বেগেৰে আগবাঢ়িব লাগিব, যাতে সি নিসংগ হৈ পৰে। সিয়ো এটা জীৱন। নিজৰ জীৱন ৰক্ষা কৰিবলৈ সিয়ো যথেষ্ট চেষ্টা কৰিব।”

প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

নিজৰ বিজেপি দলৰ নেতা-কৰ্মীয়েই তেওঁৰ মন্তব্যক লৈ প্ৰকাশ কৰিছে বিপৰীত প্ৰতিক্ৰিয়া। বিভিন্ন ৰাজনৈতিক দল, নেতা আৰু জনসাধাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাৱাটৰ মন্তব্যত।

লগতে চাওকঃ

মৰ্মান্তিক! কন্যাৰ বিবাহৰ প্ৰস্তুতিৰ মাজতে ক’ভিডত ভুগি ১২ ঘন্টাৰ ব্যৱধানত মৃত্যু হ’ল মাতৃৃ-কন্যাৰ

Leave a Comment