অৱশেষত মুকলি আকাশৰ তললৈ ভিক্টৰ দাস! মুক্তি লাভ কৰিয়েই ক’লে…

অৱশেষত মুকলি আকাশৰ তললৈ ভিক্টৰ দাস! মুক্তি লাভ কৰিয়েই ক’লে…

September 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এসপ্তাহজোৰা প্ৰতীক্ষাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ভিক্টৰ দাস। নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ভিক্টৰ দাস এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা চৰ্চিত নাম হৈ পৰিছে।

এসপ্তাহ পূৰ্বে অভিযোগকাৰী ভিক্টৰক গ্ৰেপ্তাৰ কৰাৰ পিছত সামাজিক মাধ্যমত তেওঁৰ মুক্তিৰ দাবী সজোৰে উত্থাপন হৈছিল। ভিক্টৰে মাথো নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলিছিল।

কিন্তু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। অভিযোগকাৰী ভিক্টৰ নিজেই অভিযুক্ত হৈ পৰাত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ইয়াৰ পিছতে শনিবাৰে আদালতত হাজিৰ হোৱাৰ পিছত মুকলি আকাশৰ তললৈ ওলাই আহে ভিক্টৰ দাস।

মুকলি হােৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ভিক্টৰ দাসে কয়, ‘ৰাইজে মােক আশীৰ্বাদ কৰি যাব, যাতে মই অসমৰ ৰাইজৰ বাবে ভাল কাম কৰি যাব পাৰাে।’

তেওঁ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে সংবাদ মাধ্যমকো কৃতজ্ঞতা জ্ঞাপন কৰে।