অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

July 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। স্বাস্থ্য বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পেঞ্চনৰ কামৰ বাবদ ৫ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল বিভাগটােৰে এগৰাকী উচ্চ বৰ্গৰ সহায়ক।

বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

জানিব পৰা মতে, বাক্সা জিলা স্বাস্থ্য বিভাগৰ উচ্চবৰ্গৰ সহায়ক বিপিন কলিতাই পেন্সনৰ কামৰ বাবে নীলিমা ভূঞা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫,০০০ টকা দাবী কৰিছিল।

দাবী কৰা ধন লোৱাৰ সময়তে কাৰ্যালয়টােত পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেঞ্চৰ অভিযানকাৰী দলৰ হাতত হাতেলোটে ধৰা পৰে বিপিন কলিতা নামৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীগৰাকী।

ইয়াৰ পিছতে বৰমা বৰঝাৰৰ বিপিন কলিতাৰ নিজা বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই তালাচী কৰাৰ অন্তত অভিযানকাৰী দলটোৱে মুছলপুৰৰ জিলা কেন্দ্ৰত উপস্থিত হয়।

জিলা কেন্দ্ৰত থকা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত বিভাগটোৰ উচ্চবৰ্গৰ সহায়ক বিপিন কলিতাক দুৰ্নীতি নিবাৰক শাখাই প্রায় তিনি ঘণ্টা ধৰি মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ নিয়ে।