আইন ভংগ কৰি ভৰিলে জৰিমনা, অনুতপ্ত হৈ এইটাে কাম কৰিলে এগৰাকী মন্ত্ৰীয়ে…

নিউজ ডেস্ক। কি যে আজৱ কাণ্ড! আইন ভংগ কৰাৰ বাবে প্ৰায়শ্চিত্ত কৰিবলৈ ঝাডু মাৰি, আৱৰ্জনা পেলাই আৰু শৌচালয় চাফা কৰিলে এজন মন্ত্ৰীয়ে। এনে কাণ্ড কৰে মধ্য প্ৰদেশ চৰকাৰৰ এজন মন্ত্ৰীয়ে।

তেওঁ হ’ল মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুম্ন সিং টোমৰ।

জানিব পৰা মতে, মন্ত্ৰীজনে ৪ দিন পূৰ্বে হেলমেট পৰিধান নকৰাকৈ ৰাজপথত চলাইছিল এখন স্কুটী। তেওঁ স্কুটী চলাইছিল ঘৰৰ পৰা তিৰাহা ৰেছকৰ্ছ পথলৈকে। ইয়াৰোপৰি তেওঁ ভংগ কৰিছিল ক’ভিড প্ৰটকল।

সেই কথা বিয়পি পৰিছিল সংবাদ মাধ্যমত। ইয়াৰ পিছতেই ভূপালৰ পৰা তেওঁলৈ মূৰব্বীৰ ফোন যায়।

সেয়েহে তেওঁ নিজে আইন ভংগ কৰা বুলি অনুভৱ কৰি দেওবাৰে উপস্থিত হয় স্থানীয় যান-বাহন আৰক্ষী থানাত। তেওঁ তাত ২৫০ টকাৰ জৰিমণা আদায় কৰে। তাৰ পিছত তেওঁ সেই কাম পাপ বুলি ভাবি প্ৰায়চিত্ত কৰাৰ মন কৰিলে।

সেই অনুসৰি তেওঁ পুৱা ৯ বজাত যায় এখন মুক্তিধামলৈ। মুক্তিধামত গৈ তেওঁ হাতত ঝাডু লৈ চাফা কৰে মুক্তিধামৰ চৌহদ। আৰু নিজেই পেলাই জাৱৰ। ইয়াৰোপৰি তেওঁ হাতত গ্লভ পিন্ধি চাফা কৰে টয়লেট।

এই দৃশ্য দেখি মুক্তিধামৰ চাফাই কৰ্মচাৰী সকলে মন্ত্ৰীজনক বাধা দিয়ে যদিও তেওঁ সেই কাম কৰি যায় আৰু তেওঁ সেইয়া প্ৰায়চিত্ত কৰা বুলি জনায়।

তেনেদৰে তেওঁ দেওবাৰৰ দিনা কাম কৰি যাম বুলি কয়। তেওঁ লগতে মুক্তিধামৰ চকী চাফা কৰে। আৰু তেনেদৰেই তেওঁ প্ৰায়চিত্তৰ বাবে ৪ দিন সেই কাম কৰাৰ কথা কয়।

ইয়াৰ পিছতেই তেওঁ আৰু এটা কথা জানিব পাৰে যে তেওঁৰ বাহন চলোৱা অনুজ্ঞা পত্ৰখনৰ ম্যাদ ডেৰবছৰ আগত শেষ হয়। সেইখনৰ তেওঁ নৱীকৰণ কৰা নাই। সেয়েহে সেই অপৰাধৰ বাবে বুধবাৰে তেওঁ আন প্ৰায়চিত্ত কৰিব বুলিও জানিবলৈ দিয়ে।

এই সন্দৰ্ভত মন্ত্ৰী জনে কয়, “মই ভুল কৰিছো। মই সাহসতে হেলমেট নিপিন্ধাকৈ বাহন চলাইছিলো। মোৰ সেই কামৰ দ্বাৰা যুৱ সমাজলৈ ভুল বাৰ্তা গৈছে। এই কাৰ্যই মৃত্যু ঘটাব পাৰে। সেয়েহে মই নিজৰ শৰীৰটোক কষ্ট দি প্ৰায়চিত্ত কৰিব বিছাৰিছো। সেয়েহে মই এঘন্টা মুক্তি ধামত কাম কৰিছো। ইয়েই মোৰ প্ৰকৃত শাস্তি।”

উল্লেখ্য যে মন্ত্ৰীজনৰ এই কাৰ্যই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰ ক’ভিড-১৯ত মৃত্যু

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী

Leave a Comment