আকাশমাৰ্গত পেৰাচ্যুটৰ বিজুতি, বিমানৰ পৰা জাঁপ দিয়া সেনা বাহিনীৰ কমাণ্ডােৰ শােকাৱহ মৃত্যু

আকাশমাৰ্গত পেৰাচ্যুটৰ বিজুতি, বিমানৰ পৰা জাঁপ দিয়া সেনা বাহিনীৰ কমাণ্ডােৰ শােকাৱহ মৃত্যু

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিমানৰ পৰা জাঁপ দিয়াৰ সময়ত প্ৰশিক্ষণৰত ভাৰতীয় সেনাৰ কমাণ্ডােৰ মৃত্যু।

আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই এনেদৰে শ্বহীদ হ’বলগীয়া হ’ল সুৰজপাল পচৌৰী নামৰ সেনাৰ কমাণ্ডােজনে।

জানিব পৰা মতে, লাডাখৰ লেহত সংঘটিত হয় এই ঘটনা।

শ্বহীদ জোৱানগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত।

শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা।

প্ৰশিক্ষণৰ সময়তে তেওঁ অন্য জােৱানৰ সৈতে বিমানৰ পৰা জাঁপ দিয়ে যদিও দুৰ্ভাগ্যক্ৰমে তেওঁৰ পেৰাচ্যুট কাৰিকৰী বিজুতিৰ বাবে খোল নোখোৱাত প্ৰাণ হেৰুৱাবলগীয়া হয় জােৱানজনে।

ইফালে জোৱানগৰাকী শ্বহীদ হোৱাৰ খবৰ পৰিয়ালে লাভ কৰাৰ পিছতে শোকৰ বন্যা নামে পৰিয়াল তথা সমগ্ৰ অঞ্চলটোত।

তিনি সন্তানৰ পিতৃ সুৰজপাল পচৌৰীৰ নশ্বদ দেহ দেওবাৰে সন্ধিয়া স্বগৃহলৈ অনা হয়।

তাৰ পিছতে সামৰিক মৰ্যাদাৰে জন্মভূমিত শেষকৃত্য সম্পন্ন কৰা হয়।

অঞ্চলটােৰ সহস্ৰাধিক লােকে শেষকৃত্যত উপস্থিত হৈ শ্বহীদ জােৱানজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে চাওকঃ

ভয়ংকৰ দুৰ্ঘটনাত পতিত তীব্ৰবেগী টাটা নেক্সন বাহন, থিতাতে মৃত্যু আইনৰ ছাত্ৰৰ