আকৌ দাগ লাগিল শিক্ষকৰ পবিত্ৰ বৃত্তিত! ছাত্ৰীক নিশা মেচেজ কৰি অশালীন ইংগিত দিয়াৰ অভিযোগ শিক্ষক সৌৰভ ওজাৰ বিৰুদ্ধে…

নিউজ ডেস্কঃ আকৌ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে এজন শিক্ষকে।

নিশা ছাত্ৰীক হোৱাটছএপত অশ্লীল মেচেজ আৰু ফটো প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকজনৰ বিৰুদ্ধে।

আনকি ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ অকলশৰে মাতি নি অশালীন ইংগিত দিয়াৰো অভিযোগ লম্পট শিক্ষকৰ বিৰুদ্ধে।

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে দুধনৈৰ বাখ্ৰাখুঁটিৰ ছেইণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীত।

অভিযোগ অনুসৰি বিদ্যালয়খনৰ এজন শিক্ষকে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক নিশা হোৱাটছএপত প্ৰেৰণ কৰিছিল অশালীন মেচেজ আৰু ফটো।

ছাত্ৰীগৰাকীক বিনামূলীয়াকৈ টিউশ্যন প্ৰদানৰ প্ৰলোভন কৰি অশালীন ইংগিতেৰে লাইব্ৰেৰীলৈ মাতি পঠিওৱাৰো অভিযোগ উত্থাপন শিক্ষকজনৰ বিৰুদ্ধে।

ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ এই কুকীৰ্তিৰ বিষয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

কিন্তু অভিযুক্ত সৌৰভ ওজা নামৰ শিক্ষকজনৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত একাংশ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হৈ শিক্ষকজনক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে, অভিযুক্ত শিক্ষক সৌৰভ ওজাৰ ঘৰ উত্তৰ প্ৰদেশত।

শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থাকি এজন শিক্ষকে এনে কুকাণ্ড সংঘটিত কৰাৰ অভিযোগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দুধনৈত।