আচৰিত! একেলগে ১০ কিলো জলকীয়া খাব পাৰে এজন ব্যক্তিয়ে… চাওক ভিডিঅ’

নিউজ ডেস্ক। আপুনি বা মই যদি এটা জলকীয়া খাওঁ, তেতিয়া শেহাই থাকিব নোৱাৰা হওঁ বা জলাৰ কোবত চকুৰে আমাৰ পানী ওলাই যায়। কিন্তু এইবাৰ আমি আপোনালোকক কবলৈ ওলাইছো এজন অসাধাৰণ মানুহ যিয়ে জলকীয়া খাই চানা খোৱাৰ দৰে।

একো সাৰ-শুৰ নাইকীয়াকৈ তেওঁ খাব পাৰে ১০ কিলো পৰ্যন্ত জলকীয়া।

ব্যক্তিজনৰ তেনে এক জলকীয়া খোৱা ভিডিঅ’ আনকি সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

GV1

ব্যক্তিজনৰ নাম ৰাম পিৰটোহ। ঘৰ মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ বাতাৱ’ গাৱঁত।

পেছাত এজন তামোলৰ খেতিয়ক। কিন্তু তেওঁৰ জলকীয়া খোৱাৰ দৃশ্যই বৰ্তমান সকলোকে কৰিছে আকৰ্ষিত। তেওঁ আনকি জলকীয়া মুখত হানিয়ো দেখুৱাইছে নিজৰ শক্তি। তথাপিও তেওঁ কিন্তু হাঁহিয়েই থাকে। যেন তেওঁৰ একোৱেই হোৱা নাই। কেৱল সেইয়াই নহয়। তেওঁ আনকি আদা-নহৰুও খাব পাৰে। এক কিলো আদা এবাৰতে খাব পাৰে তেওঁ।

তেওঁ নিজৰ এই প্ৰতিভা সন্দৰ্ভত কয় যে, ‘এইয়া মোক ভগৱানে দিয়া শক্তি। সৰুৰে পৰাই মোৰ এই চখ আছে। কোনোবাই কলেই মই খাই দেখুৱাও জলকীয়া। কোনোবাই বিচাৰিলে মই আনৰ লগত জলকীয়া খোৱাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈয়ো সাজু। মই এই কাম কৰাৰ কাৰণ হ’ল বিশ্বই মোৰ প্ৰতিভা জানক। মই গোটা জলকীয়া এক ডেৰ কিলো খাব পাৰো, কিন্তু গুৰি কৰি দিলে ১০ কিলো পৰ্যন্ত খাব পাৰো। মোৰ কাৰণে কেঁচা জলকীয়াবোৰ তিতা, কিন্তু পকা জলকীয়াবোৰ মিঠা। মই আদা-নহৰু ও খাব পাৰো। এক কিলো আদা মই এবাৰতে খাব পাৰো।’

তেওঁ নিজৰ এই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ য়ো অনুৰোধ জনাইছে।

লগতে চাওকঃ

হেলমেটৰ বাবেই ৰক্ষা পৰিল এজন বাইক চালকৰ জীৱন! কেমেৰাত বন্দী হ’ল দুৰ্ঘটনাৰ দৃশ্য

গুৱাহাটীৰ পদপথৰ সেতুত বিহু নাচিলে অভিনেত্ৰী দেবলীনাই! মূহুৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ’

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী! অধীনস্থ থানাত দিলে Sudden Visit

Leave a Comment