কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

হনী ঝাঁঁঝৰী। অসম বিধানসভা আগন্তুক সাধাৰণ নিৰ্বাচনত ভোটাদানৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে।

অনুৰাগীসকলৰ মাজত ‘ৰাকু দা’ হিচাপে পৰিচিত জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক জিলা প্ৰশাসনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে নিযুক্তি দিছে।

G5

জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনােৱা মতে “ৰাজকুমাৰ ঠাকুৰীয়া এজন জনপ্ৰিয় অভিনেতা। তেওঁৰ অনুৰাগীৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাইছে। অনন্য অভিনয়, সংলাপ, গান আৰু নৃত্য আদিয়ে জনসাধাৰণৰ মাজত তেওঁক অতি জনপ্ৰিয় কৰি তুলিছে। তেওঁ দৰ্শকৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম আৰু আমি বিশ্বাস কৰোঁ যে তেওঁক ব্ৰেণ্ড এম্বাছেডৰ হিচাপে নিযুক্তি দি নিৰ্বাচনত মানুহৰ ভােটদানৰ প্ৰতি সজাগতা সৃষ্টি সহায়ক হ’ব।”

উল্লেখ্য, কামৰূপ জিলা প্ৰশাসনে আগন্তুক নিৰ্বাচনত ভােটাৰ ৰাইজৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে দূৰৱৰ্তী স্থানত বাটৰ নাটৰ দৰে কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা লৈছে।

বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি আৰু বিভিন্ন প্ৰতিযোগিতা, কুইজ আদিৰ জৰিয়তে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ অংশ হিচাপে ৰাজকুমাৰ ঠাকুৰীয়াৰ সহায় ল’ব।

কামৰূপ জিলা প্ৰশাসনে অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াৰ ফটাে সম্বলিত প’ষ্ট ফেচবুক আৰু টুইটাৰত শ্বেয়াৰ কৰি লিখিছেঃ ”নিৰ্বাচন আহি আছে, আপুনি সাজু নে?”

জিলা প্ৰশাসনৰ টুইটাৰ হেণ্ডেলটোত আনকি ৰাকু দাৰ সজাগতামূল ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।

উল্লেখ্য যে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত মিৰ্জা নিবাসী ৰাজকুমাৰ ঠাকুৰীয়াই জিলাখনত স্থানীয় বাসিন্দা হোৱাটোও স্থানীয় ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অধিক সহায়ক হ’ব বুলি প্ৰশাসনে আশা কৰিছে।

Leave a Comment