আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত ল’বলগা হয়, তাতকৈ আছুৰ কাৰ্যালয়ত গৈ বহি থকাই ভাল হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত ল’বলগা হয়, তাতকৈ আছুৰ কাৰ্যালয়ত গৈ বহি থকাই ভাল হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ইংৰাজী মাধ্যম ব্যৱহাৰক লৈ নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলক ক্ষুৰধাৰ সমালোচনা কৰাত পিছ পৰি ৰোৱা নাই স্বয়ং মুখ্যমন্ত্ৰী।

কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা সকলক একপ্ৰকাৰ তুচ্ছ তাচ্ছিল্য কৰি নিজৰ স্থিতি পুনৰ এবাৰ সদম্ভে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়তে আছুৰ পৰাই ৰাজনীতিত প্ৰৱেশ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুৰধাৰ সমালোচনা কৰিলে আছুক।

আছুক সন্তুষ্ট কৰি সিদ্ধান্ত ল’বলৈ হ’লে তেওঁ নিজেই আছুৰ কাৰ্যালয়ত গৈ বহি থকাই ভাল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আছুক তৃতীয় পক্ষ বুলি জাহিৰ কৰি আছুৰ কথাৰ মূল্য নাই বুলিয়েই ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, ‘মই শুনিবলগীয়া হ’লে ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ কথাহে শুনিম। কিন্তু যি ছাত্ৰও নহয়, অভিভাৱকো নহয়, তেওঁৰ কথা শুনি কি হ’ব?’ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘ভাত খাম মই। মাংস ভাত খাবলৈ মোক দিছে। তাত নিমখ-চেনী বেচি হৈছে নে হোৱা খোৱাজনে গৃহস্থক ক’ব নে দূৰৰ পৰা চাই থকা জনে।’

মুখ্যমন্ত্ৰীয়ে কয়, ‘শিক্ষাৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে, কিবা বেয়া হ’লে ছাত্ৰসকলে আমাক স্মাৰক পত্ৰ দিব, অভিভাৱক সকলে আমাক জনাব। তেতিয়া আমি কথাখিনি শুনিম। কিন্তু এতিয়া আমি তেওঁলোকক নুশুনি কোনোবা সংগঠনক শুনিব লাগে। চৰকাৰ কাকো সুধি নচলে। চৰকাৰ কেবিনেটত চলিব, বিধানসভাত চলিব।’

ইয়াৰ মাজতে ভোটৰ ৰাজনীতিত সাঙুৰি লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলেহে তেওঁক ভোট দিছে। গতিকে তেওঁ ভোটাৰৰ কথাহে শুনিব। দল-সংগঠনে নিৰ্বাচনৰ পূৰ্বেও তেওঁক ভোট নিদিও বুলি কৈ থৈছে। এইখন চৰকাৰে যদি সিদ্ধান্ত ল’ব নোৱাৰে, তেন্তে অসমত আৰু ভৱিষ্যতে কোনো চৰকাৰে সিদ্ধান্ত ল’ব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।