‘শক্তিমান’ৰ অভিনেত্ৰীৰ সন্ন্যাস গ্ৰহণ, ২৭ বছৰীয়া কেৰিয়াৰ ত্যাগ কৰি হিমালয়লৈ নুপুৰ…

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় টেলিভিছনৰ জনপ্ৰিয় তথা বিখ্যাত অভিনেত্ৰী নুপুৰ অলংকাৰে হঠাতে সন‍্যাস গ্ৰহণ কৰাৰ খবৰে খলকনি তুলিছে টেলিভিছন জগতত।

যোৱা ২৭ বছৰ ধৰি বিভিন্ন চৰিত্ৰৰে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি অহা নুপুৰে এতিয়া সকলো এৰি হৈ পৰিছে সন্ন্যাসী।

নুপুৰ বৰ্তমান সকলো মায়া মোহ ত‍্যাগ কৰি হিমালয়লৈ ৰাওনা হৈছে।

তেওঁ জনোৱা মতে যে তেওঁলোকৰ যাত্ৰাৰ ব্যয় আৰু প্ৰয়ােজনীয় সা-সামগ্ৰী যােগানৰ বাবে তেওঁৰ মুম্বাইৰ ঘৰটো ভাড়ালৈ দিছে।

তাৎপৰ্যপূৰ্ণভাৱে, লকডাউনৰ সময়ত, নুপুৰ তীব্ৰ বিত্তীয় সংকটত ভূগিছিল।

সেই সময়ত, তেওঁ আৰ্থিক সহায়ৰ বাবে সকলোকে আহ্বান কৰিছিল। আনকি তেওঁৰ অসুস্থ মাতৃৰ ঔষধৰ বাবেও তেওঁৰ ওচৰত ফুটাকড়ি এটা নাছিল বুলি দুখ প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে সমাজৰ সকলো শ্ৰেণীৰ লোকেই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।

২০২০ চনৰ ডিচেম্বৰত তাইৰ মাকৰ মৃত্যু হোৱাৰ পিছতে নুপুৰে লাহে লাহে সংসাৰৰ প্ৰতি বৈৰাগ‍্য অনুভৱ কৰিবলৈ লৈছিল।

উল্লেখযোগ্য যে নুপুৰে ২০০২ চনত অভিনেতা অলংকাৰ শ্ৰীবাস্তৱক বিয়া কৰাইছিল, কিন্তু যেতিয়া তেওঁ তেওঁৰ মনৰ কথা শহুৰ পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰে, তেতিয়া তেওঁলোকেও নুপুৰক সম্পূৰ্ণ সমৰ্থন দিয়ে।

নুপুৰে ‘অগলে জনম মোহে বিতিয়া হি কিজো’, ‘ঘৰ কি লক্ষ্মী বেটিয়া ’, ‘শক্তিমান’, ‘দিয়া ঔৰ বাতি হাম’ আদিকে ধৰি বহুতো টিভিৰ অনুষ্ঠানত অভিনয় কৰিছিল। ইয়াৰ উপৰিও, তেওঁ ‘ ক‍্যু কি মে ঝুথ নেহি বোলতা’ৰ দৰে চলচ্চিত্ৰটো অভিনয় কৰিছিল।

লগতে চাওকঃ

বিয়াৰ ৩ মাহ পিছতে মধুচন্দ্ৰিকা যাপনৰ বাবে গৈ ঘৰলৈ ঘূৰি নাহিল ৰোহিত-মানসী! যাত্ৰা পথতে ঘটিল এই অঘটন…