আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

নিউজ ডেস্ক। ৰে’ল বিভাগৰ এগৰাকী অভিযন্তাই সংঘটিত কৰা এটা কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে।

নিজৰ ব্যক্তিগত লাভৰ বাবে বিভাগীয় অনুমতি অবিহনেই এই বিষয়াগৰাকীয়ে ‘স্ক্ৰেপ’ বুলি বিক্ৰী কৰি পেলালে এটা ইঞ্জিন।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত।

জানিব পৰা মতে, এটা পুৰণি ভাপ ইঞ্জিন অবৈধভাৱে ‘স্ক্ৰেপ’ হিচাপে বিক্ৰী কৰাৰ বাবে এজন ৰে’ল অভিযন্তাক নিলম্বন কৰা হৈছে।

FHGa-K9e-Vg-AEe-K8c

পূব মধ্য ৰে’লৱেৰ সমষ্টিপুৰ ডিভিজনৰ ডিআৰএম আলোক আগৰৱালৰ মতে, পূৰ্ণিয়া জিলাৰ বনমাংখিত অভিযন্তা ৰাজীৱ ৰঞ্জন ঝাকে ধৰি ৭ জন ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

উল্লেখ্য যে, ৰাজীৱ ৰঞ্জন ঝাক সুশীল যাদৱ নামৰ আন এজন ব্যক্তিৰ সৈতে মিলি ১৪ ডিচেম্বৰত গেছ কাটাৰেৰে মিটাৰ গজ ইঞ্জিন কাটি থকা সময়ত প্ৰত্যক্ষ কৰা হৈছিল।

তাৰ পিছতে যেতিয়া ৰে’ল আৰক্ষীৰ উপ-পৰিদৰ্শক এম এম ৰহমানে অনুসন্ধান কৰিবলৈ সেই স্থানত উপস্থিত হয়, তেতিয়া অভিযন্তাজনে এখন পত্ৰ দেখুৱাই দাবী কৰিছিল যে বিভাগীয় যান্ত্ৰিক অভিযন্তাই ইঞ্জিনৰ পৰা স্ক্ৰেপ সামগ্ৰী ওচৰৰ ডিজেল লোকোমোটিভ শ্বেডলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে। ঝাই এখন পিকআপ ভেনত ভৰ্তি স্ক্ৰেপ সামগ্ৰী লৈ ঠাই এৰি যোৱাৰ আগতে এছ আই ৰহমানক নিশ্চিত কৰি এটা মেমোও লিখে।

ইফালে এই ঘটনাৰ এদিন পিছত যেতিয়া আৰপিএফ জোৱান সংগীতাই তেওঁৰ জ্যেষ্ঠ বিষয়াসকলক অৱগত কৰে যে ভাপ ইঞ্জিনৰ স্ক্ৰেপ সামগ্ৰী ডিজেল শ্বেডলৈ অনা হোৱা নাই, তাৰ পিছতে প্ৰকৃত কাহিনী পোহৰলৈ আহে। পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পায় যে আবৰ্জনা পৰিবহনৰ বাবে কোনো নিৰ্দেশ জাৰী কৰা হোৱা নাছিল আৰু ঝাৰ ওচৰত থকা পত্ৰখনো ভুৱা আছিল।

এই সন্দৰ্ভত ডিআৰএমে কয় যে ঝাই এটা অবৈধ স্ক্ৰেপ চুক্তি কৰিছিল। বৰ্তমান তেওঁ সহকাৰীৰ সৈতে পলাতক হৈ আছে। ডিআৰএমে কয় যে, ৰাজীৱ ৰঞ্জন ঝাক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। ৰে’লৱে সম্পত্তি আইন অনুসৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে ডিআৰএমে।

ইফালে ডিজেল শ্বেডত নিযুক্ত আৰপিএফৰ উপ পৰিদৰ্শক বীৰেন্দ্ৰ দ্বিবেদীকো কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে। আৰক্ষীয়ে আৱৰ্জনাৰ ৰূপত লৈ যোৱা হোৱা ক্ৰেইনসমূহো জব্দ কৰিছে।

পূৰ্ণিয়াৰ আৰপিএফ পৰিদৰ্শক বি পি মণ্ডলে কয় যে অবৈধ কাৰ্যকলাপত ব্যৱহৃত হাইড্ৰা ক্ৰেইনখন চহৰখনৰ গুলাববাগ অঞ্চলৰ পৰা জব্দ কৰা হৈছে। তেওঁ লগতে কয় যে ঝাক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলোৱা হৈছে। পাটনাত থকা ঝাৰ বাসগৃহতো ইতিমধ্যে তেওঁক বিচাৰি অভিযান চলোৱা হৈছে।

Leave a Comment