আজৱ কাণ্ড! কাৰাগাৰৰ ভানত কেক কাটি জন্মদিন পালন কৰিলে হত্যাৰ গোচৰত অভিযুক্তই, আৰক্ষীৰ ভূমিকাক লৈও উত্থাপন প্ৰশ্নৰ…

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত এই আজৱ ঘটনাই সামাজিক মাধ্যমত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। হত্যাৰ গোচৰত অভিযুক্ত এজন লোকক আদালতলৈ নিয়াৰ সময়তে আধা বাটত গাড়ী ৰখাই জন্মদিন উদযাপন কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ।

দৰাচতে, হত্যা, হত্যাৰ চেষ্টা, ধন দাবী আদি কেইবাটাও গোচৰত অভিযুক্ত ৰোশন ঝা নামৰ এজন লোকক কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ উলহাচনগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পৰৱৰ্তী সময়ত অভিযুক্তজনক আৰক্ষী থানাৰ পৰা প্ৰিজন ভানৰ জৰিয়তে আদালতলৈ নিয়া হয়।

লক্ষণীয়ভাৱে অভিযুক্ত ৰোশন ঝাক আদালতত হাজিৰ কৰোৱাৰ দিনটো আছিল তেওঁৰ জন্মদিনো। যাৰ বাবে আদালতলৈ নিয়াৰ পথত জন্মিদন পালন কৰিবলৈ হাতত কেক লৈ ৰোশন ঝালৈ অপেক্ষা কৰি আছিল তেওঁৰ বন্ধুসকলে।

অভিযুক্ত ৰোশন ঝাই সেইদিনা প্ৰিজন ভানৰ ভিতৰৰ পৰাই খিৰিকীৰে কেক কাটি জন্মদিন উদযাপন কৰে। সেই সময়ৰ কিছু ফটো আৰু ভিডিঅ’ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰে সেইদিনা অভিযুক্তজনৰ জন্মদিন পালনৰ সময়ত উপস্থিত থকা একাংশই। তাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এজন হত্যাৰ অভিযুক্তই কিদৰে আদালতলৈ নিয়াৰ পথত এনেদৰে জন্মদিন উদযাপন কৰিবলৈ পালে, তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। আনহাতে আৰক্ষীৰ বাহনখন ৰখোৱাৰ সময়তে দুৰ্বৃত্ত সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে অনেকেই।

এই নাভুত-নাশ্ৰুত কাণ্ডক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’লেও মহাৰাষ্ট্ৰ আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট কৰা নাই। যাৰ বাবে সমগ্ৰ ঘটনাক লৈ ৰহস্যৰো সৃষ্টি হৈছে।