আত্মীয়ৰ নতুন স্কুটী চলাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মেধাৱী ছাত্ৰৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে মঙ্গলদৈ চহৰৰ মাজমজিয়াত পথ দুৰ্ঘটনাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ পাছতে পুনৰ এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল মঙ্গলদৈৰ এগৰাকী মেধাৱী ছাত্ৰৰ।

প্ৰতিবেশী তথা আত্মীয়ই ক্ৰয় কৰা নতুন স্কুটী চলাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল মঙলদৈৰ নিকটৱৰ্তী নগৰবাহী- হেঙেৰাঝাৰৰ লাজিজুল হক (১৮) নামৰ যুৱকৰ।

লাজিজুল দলগাঁওস্থিত পণ্ডিত দীনদয়াল আদর্শ মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ছাত্ৰ।

জানিব পৰা মতে, লাজিজুল স্থানীয় সমাজকর্মী ফইজুল হক আৰু নগৰবাহী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী চাইফুন নেছাৰ একমাত্র পুত্র আছিল।

ঘটনাৰ বিষয়ে জানিব পৰা অনুসৰি, দিনৰ দুই মান বজাত লাজিজুলে হেঙেৰাঝাৰৰ নিজ ঘৰৰ প্রতিবেশী এজন আত্মীয়ৰ নতুনকৈ কিনা স্কুটীখন খুজি লৈ ঘৰৰ সন্মুখৰ পথটোৰ দ্ৰুতবেগেৰে উত্তৰ দিশেৰে চলাই যায়।

তেনে সময়তে নিয়ন্ত্ৰণ হেৰুৱাই নির্মীয়মাণ পথটোৰ দাঁতিত জমা কৰি থোৱা মাটিত খুন্দিয়াই পকী অংশত বাগৰি পৰি গুৰুতৰভাৱে আহত হয়।

পাছত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত লাজিজুলক ভৰ্তি কৰোৱা হয় যদিও সন্ধিয়া চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

এই ঘটনাই অঞ্চলজুৰি গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Comment