আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই যাতায়তৰ বাবে খুলি দিয়া হ’ব কলিয়াভোমোৰাৰ নৱ নিৰ্মিত দলঙেৰে…

আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই যাতায়তৰ বাবে খুলি দিয়া হ’ব কলিয়াভোমোৰাৰ নৱ নিৰ্মিত দলঙেৰে…

October 29, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই যাতায়ত আৰম্ভ হ’ব তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলঙেৰে।

শুকুৰবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।

তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ত সন্মিলনকক্ষত অনুষ্ঠিত সংবাদমেল খনত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, নতুন দলংখনেৰে যাতায়ত আৰম্ভ হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হ’ব পুৰণি কলিয়াভোমোৰা দলংখনৰ সকলো ধৰণৰ যাতায়ত।

উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জানিবলৈ দিয়া মতে, পহিলা নৱেম্বৰৰ পৰা পুৰণি কলিয়াভোমোৰা দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰি এমাহৰ ভিতৰত সেয়া সম্পন্ন কৰা হ’ব।

আনহাতে পুৰণি কলিয়াভোমোৰা দলংখনৰ মেৰামতিৰ কাম সম্পন্ন হোৱাৰ পিছতে নতুনকৈ নিৰ্মাণ কৰা দলংখনৰো আনুষ্ঠানিক উদ্বোধনৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, দলঙৰ সমান্তৰালভাৱে নগাঁৱৰ চুলুঙৰ সমীপত নিৰ্মাণ কৰি থকা হৈছে এখন টোলগেটো।

ইয়াৰোপৰি তেজপুৰৰ দোলাবাৰীৰ পৰা জামুগুৰি সংযোগী চাৰিলেনযুক্ত পথৰ অধীনত জীয়াভৰলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ নির্মাণকার্য বর্তমান ৫০ শতাংশ সম্পূৰ্ণ হোৱা বুলি সংবাদমেলত জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।

পথৰ কামো ইতিমধ্যে ২০ শতাংশ সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে ২০২৩ৰ আগষ্টৰ ভিতৰত এই দুয়োটা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব।