আৰক্ষী বিষয়াই ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি জীৱন ৰক্ষা কৰিলে গৰ্ভৱতী মহিলাৰ

নিউজ ডেস্ক। এগৰাকী আৰক্ষী বিষয়া। বিষয়াগৰাকীয়ে দাঙি ধৰিলে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন।

এগৰাকী গৰ্ভৱতী মহিলাক অতি দুৰ্লভ ‘O’ নিগেটিভ গ্ৰুপৰ ৰক্তদান কৰি তেওঁ ৰক্ষা কৰিলে জীৱন।

বিষয়াজনে ৰক্তদান কৰি থকা এখন ছবিয়ো সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

এই ঘটনা বিহাৰৰ নালন্দাৰ।

ৰক্তদান কৰা সেই বিষয়া জন হ’ল নালন্দাৰ ট্ৰেফিক আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিং।

জানিব পৰা মতে, শনিবাৰৰ দিনা সামাজিক মাধ্যমত এটা বাৰ্তা আহিছিল যে এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষাৰ বাবে জৰুৰীভাৱে প্ৰয়োজন হৈছে ‘O’ নিগেটিভ তেজৰ।

এই বাৰ্তাটো লাভ কৰে ট্ৰেফিক আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে। তেওঁ খবৰটো লাভ কৰিয়েই তাৎক্ষণিকভাৱে সহাঁৰি জনায় আৰু ৰক্তদান কৰিবলৈ আগবাঢ়ি যায়।

সেই অনুসৰি তেওঁ ৰক্তদান কেন্দ্ৰত গৈ দান কৰে নিজৰ ৰক্ত। বিষয়াজনৰ এই খবৰ পৰিৱৰ্তী সময়ত বিয়পি পৰে সৰ্বত্ৰে।

এই সন্দৰ্ভত বিষয়া জনে কয় যে, “আমি মানুহ হিচাপে কেতিয়াবা কেতিয়াবা ৰক্তদানাে কৰিব লাগে, যাতে সেই ৰক্তৰে আনৰ জীৱন উদ্ধাৰ কৰিব পৰা যায়।”

তেওঁ লগতে কয় যে, “মহিলা গৰাকীৰ ‘O’ নিগেটিভ তেজৰ প্ৰয়োজন হৈছিল। মোৰ দেহটো সেই গ্ৰুপৰ তেজ। সেয়েহে মই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিলো।

Leave a Comment