
আৱেগিক! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতলীত প্ৰৱেশ কইনাৰ, দৃশ্য দেখি সেমেকি উঠিল উপস্থিত সকলোৰে দুচকু, ভাইৰেল ভিডিঅ’
October 7, 2022নিউজ ডেস্কঃ কিছু বছৰ পূৰ্বে হেৰুওৱা পিতৃক নিজৰ বিশেষ দিনটোত এনেদৰেই বিচাৰি পালে এগৰাকী কন্যাই।
ৰভাতলীত কইনাৰ সাজত প্ৰৱেশ কৰা কন্যাক চোৱাৰ হেঁপাহ আছিল পিতৃৰ।
কিন্তু সেই সপোন পূৰ হোৱাৰ পূৰ্বে এই জীৱনৰ পৰা বিদায় ল’বলগীয়া হৈছিল পিতৃয়ে।

পিতৃৰ অনুপস্থিতিত তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা কন্যাই নিজৰ বিয়াৰ দিনটোত কইনাৰ সাজ পিন্ধি ৰভাতলীত প্ৰৱেশ কৰাৰ সময়ত বুকুৰ মাজত সাৱটি লৈ আহিল পিতৃৰ এখন ফটো।
সিক্ত দুচকুৰে পিতৃৰ ফটোখনৰ সৈতে ৰভাতলীত প্ৰৱেশ কৰা বিয়াৰ কইনাক দেখি সেমেকি উঠে উপস্থিত আন সকলৰো দুচকু।
কইনাগৰাকীৰ সৈতে একেলগে ৰভাতলীত প্ৰৱেশ কৰে ককা।
ইফালে পিতৃ আৰু কন্যাৰ ভালপোৱাৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে আৱেগিক হৈ পৰিছে নেট ব্যৱহাৰকাৰীও।
লগতে চাওকঃ
প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’

[…] আৱেগিক! হাতত প্ৰয়াত পিতৃৰ ফটো লৈ ৰভাতল… […]