ইশ্বৰৰ মহিমা! ১২ ঘণ্টাৰ ভিতৰতে দুবাৰকৈ মৃত্যু ঘটিল এটি ৩ বছৰীয়া কণমানিৰ

ইশ্বৰৰ মহিমা! ১২ ঘণ্টাৰ ভিতৰতে দুবাৰকৈ মৃত্যু ঘটিল এটি ৩ বছৰীয়া কণমানিৰ

August 25, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ চিকিৎসকে মৃত ঘোষণা কৰা এটি কণমানি কফিনৰ ভিতৰত পুনৰ জী উঠাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

শিশুটিক পুনৰ জীৱিত অৱস্থাত দেখি হাঁহি বিৰিঙি উঠে পৰিয়ালৰ মুখতো। কিন্তু সেয়া যেন আছিল মাথো ক্ষন্তেকৰ সুখ। কিয়নো শিশুটি পুনৰ জী উঠাৰ কিছু সময় পিছতে হাস্পতাললৈ নিয়াত পুনৰ চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

জীৱন-মৃত্যুৰ এনে অবিশ্বাস্য শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মেক্সিকোত। বাতৰি অনুসৰি, ১৭ আগষ্টত পেটৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল কেমিলা ৰ’ক্সান নামৰ এটি ৩ বছৰীয়া শিশুৰ। শিশুটিৰ তীব্ৰ জ্বৰ আৰু বমি হোৱাত চিকিৎসালয়ত ভৰ্তি কৰিছিল পৰিয়ালে।

হাস্পতালত দুদিন শিশুটিৰ চিকিৎসা চলাৰ পিছত ১৭ আগষ্টত চিকিৎসকে মৃত ঘোষণা কৰে কেমিলাক। তাৰ পিছতে শোকবিহ্বল পৰিয়ালে শিশুটিৰ মৃতদেহ ঘৰলৈ ওভতাই আনি অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰে।

চিকিৎসকে মৃত ঘোষণা কৰাৰ প্ৰায় ১২ ঘণ্টা পিছত যেতিয়া শিশুটিৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলাই থকা হৈছিল তেতিয়াই সংঘটিত হয় এক বিস্ময়কৰ ঘটনা।

প্ৰথমাৱস্থাত শিশুটিৰ মৃতদেহ ৰখা কফিনৰ গ্লাছত বাষ্পসদৃশ প্ৰত্যক্ষ কৰে মাতৃয়ে। লগে লগে তেওঁ এই বিষয়ে উপস্থিত সকলোকে অৱগত কৰে। কিন্তু কোনেও যেন সেয়া বিশ্বাস কৰিব পৰা নাছিল। আনহাতে কিছুসময় পিছত কফিনৰ ভিতৰৰ পৰা শিশুটিৰ কান্দোন ৰিণিকি শুনিবলৈ পোৱাত এইবাৰ আইতাকে কফিনটো খোলাৰ নিৰ্দেশ দিয়ে।

তাৰ পিছতে কফিনটো খুলি হতভম্ব হৈ পৰে উপস্থিত সকলো। সেই সময়ত শিশুটি যেন সম্পূৰ্ণ সুস্থ হৈ আছিল। এইমাত্ৰ টোপনিৰ পৰা সাৰ পোৱা শিশু এটিৰ দৰেই কেমিলাই কফিনৰ ভিতৰৰ পৰাই মাকক চিঞৰি চিঞৰি মাতি কান্দি আছিল সেই সময়ত।

শিশুটিক জীৱন্ত অৱস্থাত প্ৰত্যক্ষ কৰি এক আশাৰ ৰেঙনি যেন বিচাৰি পায় পৰিয়ালে। উপস্থিত সকলোৰে মুখত এটা হাঁহি বিৰিঙি উঠে সেই সময়ত। কেমিলাক পুনৰ ঘূৰাই পাই পৰিয়ালে লগে লগে হাস্পতাললৈ লৈ যায় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই পুনৰ চকু মুদে শিশুটিয়ে।

তথাপিও ক্ষীণ আশা এটা লৈ পৰিয়ালে শিশুটিক চিকৎসকৰ ওচৰলৈ লৈ যায় যদিও চিকিৎসকে দ্বিতীয়বাৰৰ বাবে মৃত ঘোষণা কৰে কেমিলা ৰ’ক্সান নামৰ ৩ বছৰীয়া মৰমলগা শিশুটিক।

এনেদৰে ১২ ঘণ্টাৰ ভিতৰতে এটি শিশুৰ দুবাৰকৈ মৃত্যু ঘটাৰ ঘটনাই হতভম্ব কৰিছে সকলোকে। কেমিলাৰ এই কাহিনী সামাজিক মাধ্যমত চৰ্চা হোৱাৰ পিছতে বহুতে এয়া ইশ্বৰৰ মহিমা বুলি অভিহিত কৰিছে।

অন্যহাতে কেমিলাৰ সৈতে ঘটা এই ঘটনা কি কাৰণে সংঘটিত হ’ল সেয়া জানিবলৈ শিশুটিৰ মৃতদেহৰ পৰীক্ষা চলাই আছে চিকিৎসা গৱেষকে।

লগতে চাওকঃ

মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…