উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

May 20, 2022 0 By NEWS DESK

নিউজ ডেস্ক। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত থকাৰ পিছতাে অসৎ পন্থাৰে ধন উপাৰ্জনৰ হাবিয়াস হ্ৰাস পােৱা নাই একাংশৰ।

ঠিকাৰ ধন মােকলাই দিয়াৰ নামত মােটা অংকৰ কমিছন দাবী কৰি এইবাৰ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাসহ বিভাগীয় কৰ্মচাৰী।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি প্ৰকাশ কৰা অনুসৰি, ভিজিলেঞ্চৰ এটা দলে গােৱালপাৰা জিলাৰ দুধনৈত থকা জলসিঞ্চন বিভাগৰ গােৱালপাৰা পূব সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আকবৰ আলীক ঠিকাদাৰৰ পৰা নগদ ৫੦ হাজাৰ টকা ঘােচ লৈ থকাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰে।

এই অভিযানত উক্ত কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ সহায়ক জগদীশ ৰাভাও জালত পৰে অভিযানকাৰী দলটােৰ।

জানিব পৰা মতে, বানত বিধ্বস্ত জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ বাবে ঠিকাদাৰৰ প্ৰাপ্য বিল মােকলাই দিয়াৰ নামত ৫ লাখ টকা দাবী কৰিছিল। কিন্তু এই বিষয়ে ভুক্তভােগী ঠিকাদাৰজনে ভিজিলেঞ্চৰ কাষ চপাত ভিজিলেঞ্চে এক গােচৰ ৰুজু কৰি দুৰ্নীতি পৰায়ণ বিষয়াগৰাকীক হাতে-লােটে ধৰিবলৈ জাল পাতে।

সেই অনুসৰি, শুকুৰবাৰে কাৰ্যালয়টােত ঠিকাদাৰজনে ৫੦ হাজাৰ টকা নগদ কাৰ্যবাহী অভিযন্তাগৰাকীক প্ৰদান কৰাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেঞ্চৰ দলে হাতে-লােটে ধৰা পেলায়।

কাৰ্যবাহী অভিযন্তাগৰাকীৰ লগতে কাৰ্যালয়টােত কৰ্মৰত জগদীশ ৰাভা নামৰ জ্যেষ্ঠ সহায়কজনকাে গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চে।

এই সন্দৰ্ভত দুয়ােজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে ভিজিলেঞ্চে।