উৎকোচ কাণ্ড! ঘােচ লৈ হাতে-লোটে ধৰা পৰিল কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস, ঘৰতাে চলিল অভিযান

নিউজ ডেস্ক। চৰকাৰী বিভাগসমূহত দুৰ্নীতিৰ পােহাৰ মেলা একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ ঠিকাদাৰৰ পৰা নগদ ২৫ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পৌৰ প্ৰশাসনিক কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস।

এগৰাকী ঠিকাদাৰৰ ধন মােকলাই দিয়াৰ বাবদ ২৫ হাজাৰ টকাৰ ঘােচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ জালত পৰিল কনিষ্ঠ অভিযন্তাগৰাকী।

Pix BY UB Photos

জানিব পৰা মতে, কনিষ্ঠ অভিযন্তা দেৱাশীষ দাসে তেজপুৰৰ কৃতিকমল তামুলীৰ পৰা বিচাৰিছিল উৎকোচ।

Pix BY UB Photos

২০২০ বৰ্ষত পথ নিৰ্মাণৰ নামত ৬০ লাখ টকাৰ ঠিকাৰ কাম সম্পাদন কৰিছিল ঠিকাদাৰ কৃতিকমল তামুলীয়ে।

এই কামৰ বাবদ ঠিকাদাৰগৰাকীয়ে ২০২১ বৰ্ষৰ মাৰ্চত ৩০ লাখ পাইছিল যদিও আৰু ৩০ লাখ টকা এতিয়াও মােকলাই দিয়া নাছিল বিভাগটােৱে।

বাকি থকা ধন খিনি মুকলাই দিয়াৰ নামত ৫০ হাজাৰ উৎকোচ বিচাৰিছি অভিযন্তা দেৱাশীষ দাসে।

এই বিষয়া ঠিকাদাৰগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাত গােচৰ ৰুজু কৰাৰ পিছতে এই অভিযান চলিছিল।

Pix BY UB Photos

অভিযন্তাগৰাকীয়ে দাবী কৰা ৫੦ হাজাৰ টকাৰ ২৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতেলোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটােৱে।

এই সন্দৰ্ভত বিষয়াগৰাকীক নিজৰ জিম্মাত লােৱাৰ লগতে তেওঁৰ বাসগৃহতাে অভিযান চলায় আৰক্ষীয়ে। বাসগৃহৰ পৰাও বিভিন্ন সা-সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

ইপিনে, ভুক্তভােগী ঠিকাদাৰজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ঠিকাৰ কামৰ বাবদ তেওঁ বেংকৰ লগতে বিভিন্নজন বহু লাখ টকা দিবলগীয়া আছে। আনকি বেংক কৰ্তৃপক্ষৰ পৰাও তেওঁ জাননী লাভ কৰিছিল।

এই কথা অভিযন্তাগৰাকীক অৱগত কৰাৰ পিছতে তেওঁ ধন মােকলাই দিয়াৰ নামৰ কমিছন দাবী কৰিছিল।

সেয়ে উপায়হীন হৈ তেওঁ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিবলগীয়া হয়।

লগতে চাওকঃ

হঠাতে অসুস্থ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা, হাস্পতালত চিকিৎসাধীন

Leave a Comment