এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

April 26, 2022 0 By NEWS DESK

নিউজ ডেস্ক। শেহতীয়াকৈ দেশজুৰি এটা চৰ্চিত শব্দ হৈছে বুলডােজাৰ বা জেচিবি।

বিশেষকৈ উত্তৰ প্ৰদেশ চৰকাৰে অপৰাধীৰ ঘৰত জেচিবি চলাই ধ্বংস চলােৱাৰ লগতে শেহতীয়াকৈ বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাটত জেচিবি উৎপাদন কৰা কাৰখানা পৰিদৰ্শন কৰি জেচিবিত ফটাে উঠাৰ বাবে সামাজিক মাধ্যমত ব্যাপক চৰ্চালাভ কৰিছে জেচিবিয়ে।

ইপিনে, আন এটা কাৰণত সামাজিক মাধ্যমত ভাৰইেল হৈছে জেচিবি।

এইবাৰ অৱশ্যে এটিএমৰ চুৰিকাণ্ডৰ বাবেহে চৰ্চা লাভ কৰিছে জেচিবিয়ে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ চাংলিত সংঘটিত হয় এনে এটা চুৰিকাণ্ডৰ ঘটনা।

এখন জেচিবিৰে এটিএম টো উঠাই নিয়াৰ অপচেষ্টাৰ ভিডিঅ’ সামাজিক মাধ‍্যমত ভাইৰেল হৈ পৰিছে।

চোৰে জেচিবি মেচিনেৰে এটিএমটো উৎখাত কৰি মেচিনত থকা টকা চুৰি কৰিব বিচাৰিছিল।

অৱশ্যে জেচিবি খনৰ যান্ত্ৰিক বিজুতিৰ বাবে চোৰৰ এই কাণ্ড সফল নহ’ল।

ইফালে এটিএমত থকা চিচি টিভি কেমেৰাত সমস্ত দৃশ্য আবদ্ধ হৈ পৰে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সুৰক্ষিত অৱস্থাত ২৭ লাখ টকা সহ এটিএম মেচিনটো উদ্ধাৰ কৰে।

ইফালে চুৰিকাৰ্য‍্যত ব‍্যৱহাৰ হোৱা জেচিবি খনো চোৰে কাষৰীয়া পেট্ৰল পাম্প এটাৰ পৰা চোৰ কৰি আনিছিল।

ইতিমধ্যে চিচি টিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে চাওকঃ

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!