এক আজব পৰম্পৰা! সপোন পূৰণ হ’বলৈ ‘গাে মাতা’ অহাৰ পথত পৰি দিয়ে যুৱক

নিউজ ডেস্ক। এক আচৰিত তথা ব্যতিক্ৰম পৰম্পৰা। নিজৰ প্ৰতিজ্ঞা আৰু সপোন পূৰণ হবলৈ যুৱকে নিজৰ গাৰ ওপৰেৰে যাবলৈ দিয়ে গৰু।

এনে অনন্য আৰু ৰোমাঞ্চকৰ পৰম্পৰা শতিকা ধৰি দীপাৱলীৰ দ্বিতীয় দিনা পালন কৰি আহিছে মধ্য প্ৰদেশৰ উজ্জয়িনী জিলাৰ বদনগৰ মহকুমাৰ সমান্দৱদ-লোহাৰিয়া গাঁৱত।

জানিব পৰা মতে, এই পৰম্পৰাত যিসকল যুৱকে নিজৰ প্ৰতিজ্ঞা আৰু সপোন পূৰণ হোৱাটো বিচাৰে, তেওঁলোক পাঁচ দিনৰ বাবে গাওঁখনৰ বাহিৰত মাতৃ ভৱানী মাতাৰ মন্দিৰত থাকে।

vlcsnap-2021-11-05-16h45m52s501

মন্দিৰত তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু উপবাস কৰে। যুৱকসকলে মাতৃ ভৱানীৰ পৰা তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছত, গাওঁবাসীয়ে ৰাতিপুৱা প্লেটত ভৱানী মাতাৰ বাবে ফল-মূল, মালা লৈ গাঁৱলৈ যাত্ৰা কৰে।

ইয়াৰ পিছতেই যুৱক সকলে এটা ঠেক গলিৰ মুখত শাৰী পাতি পথত পৰি দিয়ে আৰু গাওঁবাসীয়ে গাওঁখনৰ পৰা বহুতো গৰুৰ জাক লৈ এই পথেৰে যাবলৈ দিয়ে।

এজন যুৱকে তেতিয়া প্ৰতীকীভাৱে গো মাতাৰ মূৰত মাতৃ ভৱানীৰ উৰণিখন প্লেট এখনেৰে বান্ধি দিয়ে আৰু গো মাতাক গৌৰী মাতা হিচাপে প্ৰণাম কৰে।

vlcsnap-2021-11-05-16h46m22s791

যুৱকসকলে তেতিয়া তেওঁলোকৰ সংগীসকলৰ সৈতে যোগ দিয়ে আৰু পথৰ মাজত চাৰি বা পাঁচজনীয়া এটা দলত মাটিত মুখ কৰি শুই থাকে।

সেই সময়ত গাওঁবাসীয়ে গৰুৰ জাকৰ ওচৰলৈ দৌৰি যায়, যাতে গৰুৰ জাকটো দ্ৰুতগতিত আহে।

গৰুসমূহ মুহূৰ্ততে যুৱকসকলৰ শৰীৰত ভৰি দি পাৰ হৈ যায়। শান্তি আৰু সমৃদ্ধিৰ বাবে এই পৰম্পৰা আজিও অব্যাহত আছে বুলি জানিব পৰা যায়।

উল্লেখ্য যে গাওঁবাসীয়ে বিশ্বাস কৰে যে তেওঁলোক ভৱিষ্যতে সদায় সুখী হৈ থাকিব আৰু গাওঁখনত সুখ, শান্তি আৰু সমৃদ্ধি থাকিব। ইয়াৰ পিছতেই যুৱকসকলক গাওঁবাসীয়ে মালাৰে আদৰণি জনায় আৰু আলিঙ্গন কৰে আৰু গোটেই গাওঁখনত শোভাযাত্ৰা উলিয়াই নিয়া হয়।

জ্যেষ্ঠসকলৰ মতে, এই পৰম্পৰাটো প্ৰায় ৩০০ বছৰ ধৰি চলি আহিছে।

এতিয়ালৈকে এইক্ষেত্ৰত তেওঁলোকৰ জীৱনত কোনো ব্যক্তিক শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হোৱা দেখা নাই। এই সকলোবোৰ তেওঁলোকে ভৱানী মাতাৰ পুণ্য প্ৰতাপৰ ফল বুলি গণ্য কৰে।

লগতে চাওকঃ

ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

Leave a Comment