এখন বাইকত ৭ জনৰ যাত্ৰা! চালান কটাৰ আগতে আৰক্ষীয়ে হাত যোৰ কৰি ক’লে এই কথা…

নিউজ ডেস্ক। যান-বাহনৰ নিয়ম সন্দৰ্ভত আৰক্ষীয়ে সদায় জনতাক নিৰন্তৰ সজাগ কৰি আহিছে। যদি কোনোৱে আইন ভংগ কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰে আৰক্ষীয়ে। তথাপিও কিছুমান লোকে যান-বাহনৰ নিয়ম উপেক্ষা কৰে।

কিন্তু এইবাৰ এনে এক দৃশ্য দেখা পোৱা গৈছে, য’ত নিয়ম ভংগ কৰা আৰোহীক জৰিমনা বিহাৰ পৰিৱৰ্তে হাত যোৰ কৰিছে আৰক্ষীয়ে।

সেই দৃশ্য উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ। দৃশ্যটো আৰক্ষীয়ে টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে।

জানিব পৰা মতে, স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত শনিবাৰে আৰক্ষীয়ে চহৰৰ মায়া প্ৰাসাদ চাৰিআলিত তালাচী কৰি আছিল। তেনেতে আৰক্ষীয়ে এটা দৃশ্য দেখি আচৰিত হৈ পৰে। য’ত এখন বাইকত এজন লোকে এগৰাকী মহিলা সহ সাতটি শিশুক লৈ আনিছিল।

সেই দৃশ্য দেখি আৰক্ষীয়ে বাইকখন ৰখাই দিয়ে। আৰক্ষীয়ে সোধাত বাইক আৰোহীজনে কয় যে তেওঁ চিকিৎসালয়লৈ গৈছিল আৰু চিকিৎসালয়ৰ পৰা পৰিয়ালৰ সৈতে ঘৰলৈ উভতি আহিছে।

তেওঁ বাইকত ইমান মানুহ উঠাই নিয়ম ভংগ কৰাৰ বাবে আৰক্ষীয়ে তেওঁক জৰিমনা বিহে। কিন্তু জৰিমনাৰ চালান কটাৰ পূৰ্বে এজন আৰক্ষী জোৱানে তেওঁক হাত যোৰ কৰি ট্ৰেফিক নিয়মবোৰ বুজাই দিয়ে।

আৰক্ষী জোৱান জনে তেওঁক কয়, “বাইকখনৰ কথা নালাগে, কিন্তু পৰিয়ালৰ কথা চিন্তা কৰক। অন্তত যমৰাজলৈ ভয় কৰক।”

আৰু তাৰ পিছতেই চালান কাটি তেওঁক জৰিমনা বিহে।

বাইক আৰোহীজনক আৰক্ষীজনে হাত যোৰ কৰি আইনৰ পাঠ শিকোৱাৰ সেই দৃশ্য বন্দী হৈছিল কেমেৰাত। দৃশ্যটো উত্তৰ প্ৰদেশ আৰক্ষীৰ টুইটাৰ হেণ্ডেলতো শ্বেয়াৰ কৰা হৈছিল। যিটো দৃশ্য সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।

Leave a Comment