এটা প্ৰকাণ্ড শিলাখণ্ড হাতেৰে দাঙি নিছে NDRF জোৱানে, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দুৰ্যোগ আৰু জৰুৰী সেৱাৰ বাবে সদায় আগত থাকে ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী (NDRF)।

সংকট অৱস্থাত বা বিপদ সংকুল অৱস্থাতো প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা হোৱা জনতাক উদ্ধাৰ কৰেগৈ তেওঁলোকে।

মূলতঃ যিকোনো উদ্ধাৰ অভিযানত জনসাধাৰণৰ প্ৰধান সাৰথি ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনী।

এই ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনীৰ উদ্ধাৰকাৰী দলৰ এক দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত দেখা পোৱা গৈছে যে ভূমিস্খলনৰ পিছত বাহিনীৰ জোৱান সকলে নিজৰ জীৱনকো তুচ্ছ কৰি চলাই গৈছে নিজৰ অভিযান।

দৃশ্যটোত দেখা অনুসৰি, ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন বাহিনীৰ জােৱানসকলে ভূমিস্খলনৰ পাছত চলাইছে উদ্ধাৰ অভিযান। অভিযান কালত তেওঁলোকে প্ৰকাণ্ড শিল হাতেৰে দাঙি নিয়াও দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে এই দৃশ্য অৰুণাচল প্ৰদেশৰ পাপুমপাৰেৰ বুলি জানিব পৰা গৈছে।

এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে ইটানগৰ স্থিত NDRF ৰ ১২ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ কামাণ্ডেন্ট ৰাজেশ ঠাকুৰে।

তেওঁ দৃশ্যটো শ্বেয়াৰ কৰি টুইটাৰত কয়, “কোনো ওজনেই বেছি নহয়, যদি দলীয় কৰ্ম মন্ত্ৰ হয়।”

উল্লেখ্য যে ইটানগৰত বাহৰ পাতি থকা NDRF ৰ ১২ নং বেটেলিয়নে অৰুণাচল প্ৰদেশৰ উপৰি অসম, নাগালেণ্ড, মণিপুৰত যিকােনাে দুৰ্যােগৰ সময়তে উদ্ধাৰ অভিযানৰ বাবে প্ৰস্তুত হৈ থাকে।

Leave a Comment