এবছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল শ্বহীদ সেনা জােৱান চাৰাজ সিঙ, দুই ভাতৃয়ো সেনা জােৱান

সোমবাৰে পুৱা পাকিস্তানৰ সীমান্তৱৰ্তী জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল পাঁচ জোৱান।

শ্বহীদসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ বান্দা আৰক্ষী থানা অন্তৰ্গত আখতিয়াৰপুৰ গাঁৱৰ বাসিন্দা চাৰাজ সিং।

s2

তেওঁৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শােকত ভাগি পৰিছে পত্নী তথা পৰিয়ালৰ সকলাে সদস্য।

জানিব পৰা মতে, চাৰাজ সিঙৰ দুই ভাতৃ ক্ৰমে গুৰপ্ৰীত সিং আৰু সুখবীৰ সিঙো সেনাত কৰ্মৰত।

সুখবীৰ সিং বৰ্তমান ছুটীত ঘৰত আছে।

সুখবীৰ সিঙে কয় যে, তেওঁক সেনাই জনাইছিল যে চাৰাজ সিং শ্বহীদ হৈছে।

s1

ভাতৃয়ে জনোৱা অনুসৰি এবছৰ পূৰ্বে চাৰাজ সিং বিবাহ পাশত আৱদ্ধ হৈছিল।

উল্লেখ্য যে পুঞ্চৰ ওচৰৰ চুৰানকোটৰ চামাৰেৰ বনাঞ্চলত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী তালাচী অভিযানৰ সময়ত এই সংঘৰ্ষ সংঘটিত হৈছিল।

1634017207

অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ লগত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছিল।

এনকাউণ্টাৰৰ সময়ত চাৰাজ সিঙৰ সৈতে তিনিজন জোৱান আৰু এজন জুনিয়ৰ কমিছনড বিষয়া শ্বহীদ হৈছিল।

সেনা আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বৰ্তমান ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে।

photo-2021-10-12-00-12-02

লগতে চাওকঃ

সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত সেনা বিষয়াসহ ৪ জোৱান শ্বহীদ, আহত ৪

পিতৃ অৱসৰপ্ৰাপ্ত সৈনিক, ২৪ বছৰ বয়সত শ্বহীদ সেনাত কৰ্মৰত পুত্ৰ

Leave a Comment