ওজন ১৮০ কেজি! ৰাজপথত গাড়ী ৰখাই ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা আৰক্ষী পৰিদৰ্শক

নিউজ ডেস্কঃ ইমান প্ৰকাণ্ড শৰীৰ এজন আৰক্ষী বিষয়াৰ থাকিব পাৰে নে? তাতেই সন্দেহ বাঢ়িছিল সাধাৰণ জনতাৰ মনত।

ৰাজপথত গাড়ীৰ পৰা ধন দাবী কৰা নিজকে আৰক্ষী পৰিদৰ্শক বুলি পৰিচয় দিয়া ব্যক্তিজনক দেখি মানুহৰ সন্দেহ বৃদ্ধি পোৱাৰ পিছতে অৱগত কৰা হয় আৰক্ষীক।

তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ১৮০ কেজি ওজনৰ প্ৰকাণ্ড ওজনৰ ভুৱা আৰক্ষী বিষয়াজনক।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ টুণ্ডলা আৰক্ষী থানা ক্ষেত্ৰত।

জানিব পৰা মতে, নিজকে আৰক্ষীৰ পৰিদৰ্শক বুলি পৰিচয় দি ৰামকিষাণ যাদৱ নামৰ লোকজনে গাড়ীৰ পৰা ধন দাবী কৰি আহিছিল দীৰ্ঘ দিনৰ পৰা।

প্ৰকাণ্ড শৰীৰৰ এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কেইবাজনো লোকে থানাত অভিযোগ দাখিল কৰাৰ পিছতে টুণ্ডলা ৰাজা তাল আৰক্ষী চকীৰ অ’চি গৌৰৱ শৰ্মাই নিশ্চিত কৰে যে আচলতে এই আৰক্ষী বিষয়াজন ভুৱা।

তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই জাৰৌলিকল্লাৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা আৰক্ষী পৰিদৰ্শক ৰামকিষাণক।

আৰক্ষীয়ে অভিযুক্তজনৰক পৰা এখন ৱেগনআৰ বাহন, দুখন ভুৱা আধাৰ কাৰ্ড, কেইবাখনো পান কাৰ্ড, আৰক্ষীৰ পোছাক আৰু আৰক্ষী পৰিদৰ্শকৰ এখন ভুৱা পৰিচয় পত্ৰ জব্দ কৰিছে।

ধৃত ৰামকিষাণে টোল টেক্সৰ পৰা বাচিবলৈ আৰক্ষীৰ ভুৱা আই কাৰ্ড প্ৰস্তুত কৰা বুলি আৰক্ষীৰ সন্মুখত মন্তব্য কৰে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।