কন্যাৰ বিবাহৰ পৰা উভতি আহোঁতে মাতৃ, ভাতৃ আৰু বৌৱেকৰ পথ দুৰ্ঘটনাত মৃত্যু

কন্যাৰ বিবাহৰ পৰা উভতি আহোঁতে মাতৃ, ভাতৃ আৰু বৌৱেকৰ পথ দুৰ্ঘটনাত মৃত্যু

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক অতি শোকাৱহ দুৰ্ঘটনা। নিজ কন্যাৰ বিবাহ অনুষ্ঠানৰ পৰা ঘূৰি আহোঁতে সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল মাতৃ, ভাতৃ আৰু বৌৱেকৰ।

এই দুৰ্ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ৰিং ৰোডত।

জানিব পৰা মতে, শুকুৰবাৰৰ দিনা উখৰা ৰোডৰ নিবাসী ৰাজকুমাৰ পৰাশৰৰ কন্যাৰ বিবাহ সম্পন্ন হৈছিল।

শুকুৰবাৰে বিবাহ সম্পন্ন কৰি শনিবাৰৰ ৰাতিপুৱা তেওঁলোকৰ পৰিয়াল ঘৰলৈ উভতি আহিছিল। কিন্তু প্ৰায় ৮:৩০ মান বজাত তেওঁলোক অহা গাড়ীখনে ৰিগ ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পকা ৰেলিঙত খুন্দা মাৰে।

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে কন্যাগৰাকীৰ পিতৃ সুমন পৰাশৰ, মাতৃ ৰাজকুমাৰ পৰাশৰ, ককায়েক মোহিত আৰু তেওঁৰ পত্নী গুঞ্জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু পৰৱৰ্তী সময়ত দুৰ্ঘটনাত মাতৃ, পুত্ৰ আৰু বোৱাৰীৰ চিকিৎসালয়ত মৃত্যু হয়।

ঘটনাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে চালক তথা ভাতৃয়ে টোপনি ক্ষতিৰ লগতে ভগ্নীক বিদায় দি অহাৰ দুখত মানসিক ভাৱে ভাগি পৰি গাড়ী চলোৱাৰ ফলত এই ঘটনাটো সংঘটিত হয়।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে

ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত