উদীয়মান গীতিকাৰ-সুৰকাৰ চন্দন কাকতিৰ মৃত্যু, বিধায়কসহ বিভিন্ন দল-সংগঠনৰ শোক

নিউজ ডেস্ক। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যেন হঠাতে আহি পৰিছে কাল অমানিশা।

কিছুদিন পূৰ্বে সাংস্কৃতিক জগতখনৰ অপ্ৰতিদ্বন্দী কণ্ঠশিল্পী হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা ভিটালী দাস, অসমীয়া কথাছবি জগতৰ প্ৰথম মহিলা সংগীত পৰিচালিকা, অধ্যাপিকা ডঃ বিজয়লক্ষ্মী দাস আৰু উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী পাৰবিন পৰীয়ে অপ্রত্যাশিত ভাবে সাংস্কৃতিক জগতখন উকা কৰি অনন্তধামলৈ গতি কৰাৰ পিছত সােমবাৰে পুনৰ পশ্চিম গুৱাহাটীৰ মাজিৰগাঁওৰ উদীয়মান গীতিকাৰ-সুৰকাৰ চন্দন কাকতিৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ লগে লগে সাংস্কৃতিক জগতখন স্বাভাৱিকতে স্তব্ধ হৈ পৰে।

উল্লেখনীয় যে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত মাজিৰগাওঁৰ বাসিন্দা চন্দন কাকতিয়ে অতি কম সময়ৰ ভিতৰতে প্ৰায় তিনিশৰো অধিক গীত ৰচনা আৰু সুৰ কৰি সাংস্কৃতিক ক্ষেত্ৰখনত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

কিছুদিন দুৰাৰোগ্য ৰোগত ভুগি থকা চন্দন কাকতিৰ সােমবাৰে পুৱতি নিশা প্ৰায় ৪:৩৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

এটা ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানত কৰ্মৰত চন্দন কাকতিৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৪৪ বছৰ।

উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই চন্দন কাকতিয়ে ৰচনা কৰা এশৰো অধিক গীত গাইছে। ইয়াৰ ভিতৰত “ও চেনিমাই, বাৰিষাৰে বানত, দুচকুৱে হাঁহে, বা ৰিব ৰিব মলয়া” …আদি জনপ্ৰিয় গীত সমূহ। লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে চন্দন কাকতিয়ে ৰচনা কৰা অতি জনপ্ৰিয় ‘নাহৰ’ গীতটোকে ধৰি তিনিটা গীতত কন্ঠদান কৰিছে।

আগছিয়াস্থিত পলাশবাৰী আঞ্চলিক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত সুৰেন কাকতি আৰু নিৰুপমা কাকতিৰ সুযোগ্য সন্তান চন্দন কাকতিৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধ চন্দন কাকতিৰ বাসগৃহত উপস্থিত হয়।

এক শোকাকুল পৰিবেশত দুপৰীয়া চন্দন কাকতিৰ শেষকৃত্য সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে ২০১৮-১৯ বর্ষত অসম সংগীত মহোৎসৱত ‘বাৰিষাৰে বানত’ শীৰ্ষক গীতটোৰ বাবে তেওঁক শ্ৰেষ্ঠ গীত বঁটাৰে সন্মানিত কৰা হৈছিল।

আনহাতে তেওঁৰ অকাল মৃত্যুত পশ্চিম গুৱাহাটীকে ধৰি কাষৰীয়া দক্ষিণ কামৰূপ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। আনহাতে তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পশ্চিম গুৱাহাটী সাংবাদিক সন্থা, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

লগতে চাওকঃ

শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে দীপাংক ৰাভা আৰু পল্লৱ ৰাভাই…

বিধানসভাত একেলগে দেখা যাব মুখ্যমন্ত্ৰী শহুৰ আৰু বিধায়ক জোঁৱাইক!

Leave a Comment