ক’ভিডত প্ৰাণ হেৰুওৱা পিতৃৰ সমাধিস্থলত কেক কাটি জন্মদিন উদযাপন শিশু কন্যাৰ

নিউজ ডেস্ক। এক আৱেগিক দৃশ্য। হয়তাে আপুনি কাহানিও দেশ নাই তেনে দৃশ্য।

দৃশ্যটো দেখি আপোনাৰো হয়তো চকুপানী ওলাব।

দৃশ্যটো এগৰাকী আঠ বছৰীয়া কন্যা শিশুৰ। যিয়ে কভিডত হেৰুওৱা পিতৃৰ সমাধিস্থলত কেক কাটি উদযাপন কৰিলে নিজৰ জন্মদিন।

vlcsnap-2021-09-05-21h52m49s529

এই দৃশ্য কৰ্ণাটকৰ। শিশু গৰাকীৰ নাম স্পন্দনা। এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটোত দেখা অনুসৰি, স্পন্দনাই নিজৰ ঘৰ তথা পৰিয়ালৰ আন সদস্যৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰে।

তেওঁলোক সকলো উপস্থিত থাকে সমাধিস্থলত। তেওঁ প্ৰথমতে কেক কাটি কেকৰ প্ৰথম টুকুৰা ৰাখে পিতৃৰ কবৰৰ ওপৰত। আৰু তাৰ পিছতেই তেওঁ পিতৃৰ সমাধিস্থলত সেৱা কৰে।

vlcsnap-2021-09-05-21h52m52s799

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, যোৱা মে’ মাহত স্পন্দনাই দেউতাক মহেশ কনাচাগাৰাক ক’ভিড-১৯ত হেৰুৱাইছিল।

মৃত্যুৰ পিছত তেওঁৰ পিতৃক তেওঁলোকৰ কৃষি পথাৰত সমাধিস্থ কৰা হৈছিল।

পিতৃৰ সৈতে এক বিশেষ সম্পৰ্ক থকা স্পন্দনাই সোমবাৰে সেই ধৰণেৰে তেওঁৰ জন্মদিন উদযাপন কৰিব বিচাৰিছিল। পৰিয়ালৰ সদস্যসকলে তেওঁৰ প্ৰস্তাৱটোত সন্মত হৈছিল।

vlcsnap-2021-09-05-21h53m08s273

তেওঁৰ ইচ্ছা অনুসৰি পৰিয়ালৰ লোকে জন্মদিন উদযাপনৰ ব্যৱস্থা কৰিছিল।

Leave a Comment