ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা ৩ ভগ্নীৰ কাষত বিধায়ক পৰমানন্দ ৰাজবংশী

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। ক’ভিড-১৯ত মাত্ৰ ২১ দিনৰ ব্যৱধানত পিতৃ-মাতৃক চিৰদিনৰ বাবে হেৰুৱাই সৰ্বস্বান্ত হ’ল ৩ ভগ্নী।

দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত সংঘটিত হৈছে এই কৰুণ ঘটনা।

এই বাতৰি প্ৰকাশ পােৱাৰ পাছতে মৃত দম্পতীহালৰ ৩ কন্যা সন্তানৰ খবৰ ল’বলৈ তেওঁলােকৰ ঘৰত উপস্থিত হ’ল স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী।

বিধায়কগৰাকীয়ে ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিজনী কন্যাক সাক্ষাৎ কৰে।

তিনিওগৰাকী কন্যাৰ সৈতে কিছু সময় বাৰ্তালাপ কৰাৰ লগতে অসম চৰকাৰে এনে পৰিয়ালৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ধন সঠিক সময়ত পোৱাৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দীপালী দাসৰ ক’ভিড-১৯ত আৰু তেওঁ স্বামী নেপুৰ দাসৰ ক’ভিড জনিত পৰৱৰ্তী অসুস্থতাৰ বাবে মৃত্যু ঘটিছিল।

মাত্ৰ ২১ দিনৰ ব্যৱধানত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে তিনি কন্যা ক্ৰমে নিবেদিতা দাস (২১), বনশ্ৰী দাস (১৯) আৰু দৰ্শনা দাস (১৩)।

উল্লেখ্য যে তিনিওগৰাকী সম্প্ৰতি শিক্ষানুষ্ঠানত অধ্যয়নৰত। এই ঘটনাত শােকস্তব্ধ অঞ্চলবাসী ৰাইজ।

Leave a Comment