
ক’ভিড-১৯ ৰ সংক্ৰমণত আৰক্ষী বিষয়া মনােৰঞ্জন ফুকনৰ মৃত্যু
July 16, 2022নিউজ ডেক্স। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ হাৰ।
গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাতাে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে।
ইপিনে, চৰাইদেউ জিলাতাে ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পােৱা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে, ক’ভিড-১৯ৰ সংক্ৰমণত সোণাৰি আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক মনোৰঞ্জন ফুকন ৰ মৃত্যু হয়।

তেওঁ যােৱা ১৪ জুলাইত ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছিল।
ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৫੦ বছৰ।
জানিব পৰা মতে, মনােৰঞ্জন ফুকন সম্প্ৰতি চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত কৰ্মৰত আছিল।
পত্নী আৰু এটি সন্তানক এই সংসাৰত এৰি থৈ যায়।
তেওঁৰ মৃত্যুত সমগ্র চৰাইদেউ জিলাত শোকৰ ছাঁ পৰিছে।
লগতে চাওকঃ
‘গণিত গুৰু’ জনপ্ৰিয় শিক্ষক ‘বি জি’ ছাৰৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু

[…] […]
[…] […]