
কিশোৰীক যৌন নির্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল আবকাৰী অধীক্ষক প্রীতম বৰুৱা
August 31, 2022নিউজ ডেস্ক। ঘােচ লৈ নহয়, এইবাৰ এগৰাকী ১৩ বছৰীয়া কিশােৰীক যৌন নিৰ্যাতন চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া।
এই বিষয়াগৰাকী হৈছে ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক প্রীতম বৰুৱা।
বৰুৱাক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই।

জানিব পৰা মতে, ভুক্তভােগী কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত প’কছ’ আইনৰ অধীনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত প্রীতম বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়।
এই কথা নিশ্চিত কৰিছে মহানগৰ আৰক্ষী অপৰাধ শাখাৰ ডিচিপি মৃণাল তালুকদাৰে।
মংগলবাৰে দিনৰ প্ৰায় ১.৪০ বজাত ধেমাজিৰ আৱৰ্ত ভৱনৰ পৰা প্ৰীতম বৰুৱাক আটক কৰা হয়।
ধেমাজি পুলিচ ৰিজাৰ্ভৰ এটা দলে আটকাধীন প্রীতম বৰুৱাক তেজপুৰলৈ আনি মহানগৰ আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য যে চাৰি মাহ পূৰ্বে ধেমাজিৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক হিচাপে যোগদান কৰি প্রীতম বৰুৱাই ধেমাজি আৱৰ্ত ভৱনৰ এটা কোঠাত বাসবাস কৰি আহিছিল।
আনহাতে, মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই তদন্তৰ খাতিৰত প্ৰীতম বৰুৱাক গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই।
[…] […]
[…] […]