কৃতজ্ঞতা! চনু সুদক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিশেষ ভিডিঅ’ প্ৰস্তুত অনুৰাগীৰ

নিউজ ডেস্ক। চনু সুদ। আজিৰ দিনত সেই নাম দেশ-বিদেশত সকলোৰে পৰিচিত।

বিপদৰ বন্ধু আৰু দুখীয়াৰ ভগৱান হিচাপে পৰিচিত তেওঁ।

শুকুৰবাৰে আছিল তেওঁৰ ৪৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত শুভেচ্ছা জনোৱা সকলোকে তেওঁ জনাইছিল কৃতজ্ঞতা।

ইয়াৰোপৰি তেওঁ আনৰ বাবে কৰিব বিচৰা ইচ্ছাৰ কথাও উল্লেখ কৰিছিল সেইদিনা। সেইয়া আছিল চিকিৎসালয়ত ৰোগীৰ বাবে ১০০০ খন বিচনা দিয়া আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষা বৃত্তি প্ৰদান কৰা।

তেওঁৰ প্ৰতি জন্মদিনৰ শুভেচ্ছা জনায় বহুতেই কৰে নানা কাম। অনুৰাগীসকলে ভিন্ন ধৰণে শুভেচ্ছা আৰু উদযাপন কৰে তেওঁৰ জন্মদিন।

তেওঁৰ জন্মদিন উপলক্ষে কোনোৱে যদি বহু দূৰৰ পৰা চাইকেল চলাই মুম্বাইলৈ যায়, কোনোৱে আকৌ জিভাৰে অংকন কৰে পেইণ্টিং। মুঠতে ব্যতিক্ৰম ধৰণে আয়োজন আৰু উদযাপন কৰা হয় তেওঁৰ জন্মদিন।

কিন্তু তাৰ মাজতে ব্যতিক্ৰম হল তেওঁৰ এদল অনুৰাগী। যিয়ে অভিনেতাজনে বিগত সময়ৰ দুৰ্যোগৰ সময়ত আনক সহায় কৰা বিভিন্ন তথ্য সম্বলিত এটা ভিডিঅ’ নিৰ্মাণ কৰে। যিটো ভিডিঅ’ বৰ্তমান সকলোতে হৈ পৰিছে ভাইৰেল।

ভিডিঅ’টোত দেখা অনুসৰি, ভিডিঅ’টো আৰম্ভণি কৰা হৈছে ২০২০ চনত কোৰোনা মহামাৰীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰা লকডাউন। আৰু তাৰ পিছৰে পৰা দেশৰ বিভিন্ন জনতা বিশেষকৈ দেশ বিদেশৰ প্ৰব্ৰজিত শ্ৰমিক আৰু শিক্ষাৰ্থী সকলক তেওঁ কৰা সহায় দেখুওৱা হৈছে।

হাহাকাৰ পৰিস্থিতিত তেওঁ অতন্দ্র প্রহৰি হিচাপে প্ৰয়োজনীয়জনৰ সহায়ৰ বাবে আগবাঢ়ি অহা দেখুওৱা হৈছে। য’ত তেওঁ আৰ্তজনক সহায় কৰিবলৈ গঠন কৰে চনু সুদ চেৰিটী ফাউণ্ডেশ্যন। আৰু সেই ফাউণ্ডেশ্যনৰ দ্বাৰা পৰৱৰ্তী সময়ত তেওঁ দেশ বিদেশৰ লক্ষ লক্ষ জনক সহায় কৰে।

লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিক সকলক বাছ, ৰেল আৰু বিমানযোগে তেওঁ ঘৰলৈ পঠিওৱা দেখুওৱা হৈছে।

ইয়াৰ পিছতেই তেওঁ মহামাৰীৰ পিছত সংস্থাপনৰ বাবে ই-ৰিক্সা প্ৰদান, ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট ফোন প্ৰদান আদি দেখুওৱা হৈছে। দ্বিতীয় ঢৌৰ কোৰোনা মহামাৰীৰ সময়ত তেওঁ অক্সিজেন যোগান ধৰা দৃশ্যও দেখুওৱা হৈছে।

ইয়াৰোপৰি প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে কচিং চেন্টাৰৰ সুবিধা প্ৰদান কৰা দেখুওৱা হৈছে। তেওঁৰ এনে কামৰ বাবে স্পাইচজেটে তেওঁৰ ছবি বিমানত লগোৱা দৃশ্যও দেখুওৱা হৈছে।

এনেদৰে অভিনেতাজনৰ বহুতো মহান কাম দেখুওৱা হৈছে ভিডিঅ’টোত। আৰু এই ভিডিঅ’টোৱেই বৰ্তমান ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

Leave a Comment