কৃষিমন্ত্ৰীৰ কনভয়ৰ বাহনে মহটিয়াই নিলে পথচাৰীক, যুৱকৰ মৃত্যু

কৃষিমন্ত্ৰীৰ কনভয়ৰ বাহনে মহটিয়াই নিলে পথচাৰীক, যুৱকৰ মৃত্যু

June 19, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ দুৰ্ঘটনাত পতিত হ’ল ভিভিআইপিৰ নিৰাপত্তাত নিয়ােজিত আৰক্ষীৰ বাহন।

এইবাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে পথচাৰীক।

দেওবাৰে এই ঘটনা সংঘটিত হ’ল নগাঁৱৰ চামগুৰিত।

এই ঘটনাত গুৰুতৰভাৱে আহত মানস প্ৰতিম দাস (৩২) নামৰ যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে ৷

দেওবাৰে দুপৰীয়া নগাঁৱৰ চামগুৰি হায়াৰ ছেকেণ্ডেৰিৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এই কনভয়টো গুৱাহাটীৰ পৰা কলিয়াবৰলৈ আহি আছিল ৷

Pix BY UB Photos

কনভয়ৰ এ এছ ২৫ ই চি ২০৯৩ নম্বৰৰ গাড়ী খনে নিয়ন্ত্ৰন হেৰুৱাই পথচাৰী মানসপ্ৰতিমক খুন্দা মাৰে। ফলত পথৰ কাষত বাগৰি পৰে মানস ৷

গুৰুতৰ ভাবে আহত হোৱা মানসক লগে লগে নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও তেওঁৰ মৃত্যু হয় ৷

এই দুৰ্ঘটনাত কনভয়ৰ বাহনখনত থকা চাৰিজন আৰক্ষী কনিষ্টবলো আহত হয় ৷

আহত আৰক্ষী কনিষ্টবল কেইজনৰ নাম হৈছে নুৰিমণ আলি, কল্যান পাঠক, ভবেশ দাস আৰু দীপক ৰাভা বুলি জানিব পৰা গৈছে ৷