কেনে আছে কিংবদন্তি গায়িকা ভাৰত ৰত্ন লতা মংগেশকাৰ?

কেনে আছে কিংবদন্তি গায়িকা ভাৰত ৰত্ন লতা মংগেশকাৰ?

January 16, 2022 0 By NEWS DESK

কোৰোনাৰ সৈতে যুঁজি মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ভাৰতৰ নাইটিংগল লতা মংগেশকাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে।

অৱশ্যে চিকিৎসকৰ তত্বাৱধানত বৰ্তমানো হাস্পতালৰ আইচিইউতে ৰখা গৈছে ৯২ বৰ্ষীয় কোকিলকণ্ঠী গায়িকাগৰাকীক।

FIz0-B7p-VQAAl-QXq

দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালৰ চিকিৎসক ডা০ প্ৰতিত সম্দানীয়ে জানিবলৈ দিয়া মতে, জনপ্ৰিয় গায়িকাগৰাকীৰ স্বাস্থ্য লোৱাৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন আছে।

সেয়েহে তেওঁক আইচিইউতে ৰখা হৈছে। তেওঁক কিছু দিনৰ বাবে হাস্পতালতে ৰখা হব।

জনপ্ৰিয় গায়িকাগৰাকী কোৰোনাৰ লগতে নিউমোনিয়াতো আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকে।

যোৱা সপ্তাহত তেওঁৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ ধৰা পৰাৰ পিছত ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে লতা মংগেশকাৰৰ আশু আৰোগ্য কামনা কৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থনা জনাইছে তেওঁৰ অগণণ গুণমুগ্ধই।