কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাঃ গৌৰৱ গগৈ

কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাঃ গৌৰৱ গগৈ

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিজেপি ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! মুখ্যমন্ত্ৰী শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি এই সন্দেহ ব্যক্ত কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

বিজেপি চৰকাৰৰ বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়াও বিশ্বাস নকৰে বুলি প্ৰকান্তৰে মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ বহুতেই ভাৱে যে কেন্দ্ৰত চৰকাৰ সলনি হ’লেই হিমন্ত বিশ্ব শৰ্মাই বিজেপি ত্যাগ কৰিব।

নিজকে বিজেপিৰ সদস্য বুলি প্ৰমাণ কৰিবলৈ সময়ে সময়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুগত্যৰ পৰীক্ষা দি থাকিব লগীয়া হয় বুলি কটাক্ষ কৰে সাংসদ গৌৰৱ গগৈয়ে।

আনহাতে ৰাহুল গান্ধীৰ বাবেই আজি হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰা উচিত।