কোন হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান? নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

কোন হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান? নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

January 28, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ ৩১ জানুৱাৰীত বৰ্তমানৰ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ অৱসৰৰ পিছতে ৰাজ্যৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান কোন হ’ব তাক লৈ আৰম্ভ হৈছিল জল্পনা-কল্পনাৰ।

কিন্তু অৱশেষত সকলো চৰ্চাৰ অৱসান ঘটনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধানৰ নাম।

কলাক্ষেত্ৰত অনুষ্ঠিত নিযুক্তি প্ৰদান অনুষ্ঠান প্ৰদানৰ পৰা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি কয় যে ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হ’ব আইপিএছ জিপি সিং।

বৰ্তমান অসম আৰক্ষীৰ বিশেষ (আইন শৃংখলা) সঞ্চালকপ্ৰধান হিচাপে কৰ্তব্যৰত জি পি সিঙৰ নাম পৰৱৰ্তী ডিজিপি হিচাপে ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

টুইটাৰত তেওঁ লিখিছে- ‘মা কামাখ্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা।’