গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

নিউজ ডেস্ক। অনলাইন যােগে ফুড ডেলিভাৰী কৰা ছুইগী (swiggy)ৰ এজন ডেলিভাৰী বয়ৰ প্ৰশংসাৰে উপচি পৰিছে সামাজিক মাধ্যম।

এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ডেলিভাৰী বয় মৃণাল কিৰদাতক।

মৃণালৰ বাবেই সময়মতে চিকিৎসালয়ত উপস্থিত হৈ প্ৰাণ ৰক্ষা পৰা অৱসৰপ্ৰাপ্ত কৰ্ণেল মন মোহন মালিকেও প্ৰশংসাৰে উপচাই পেলাইছে মৃণালক।

P3

তেওঁ কৰা এই মানৱতাবাদী কাৰ্যৰ বাবে ধন্যবাদ জনায় অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে।

দৰাচলতে ২০২১ৰ ২৫ ডিচেম্বৰত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে অৱসৰপ্ৰাপ্ত কৰ্ণেল মন মোহন মালিকৰ। লগে লগে তেওঁৰ পুত্ৰই তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতাললৈ লৈ যায়।

P4

কিন্তু হাস্পতাললৈ নিয়াৰ পথত তীব্ৰ যান-জঁটৰ বাবে আবদ্ধ হৈ পৰে তেওঁলোকৰ বাহনখন।

ইফালে পিতৃৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পুত্ৰই আন আন বাহন সমূহক ৰাস্তা এৰি দিবলৈ অনুৰোধ জনায় যদিও কোনেও ভ্ৰূক্ষেপ কৰা নাছিল তেওঁৰ অনুৰোধত।

P2

সেই সময়তে তাত উপস্থিত হোৱা চুইগীৰ ডেলিভাৰী বয় মৃণাল কিৰদাতে বাট মোকোলাই অসুস্থ মন মোহন মালিকক হাস্পতাললৈ লৈ যোৱাত সহায় কৰে। বাট মোকোলাবলৈ বহু চালকক উচ্চস্বৰত কথাও শুনায় মৃণালে।

P1

ইফালে ডেলিভাৰী বয়জনৰ বাবেই সময়মতে হাস্পতাল গৈ পোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল মন মোহন মালিকে সুস্থ হৈ উঠাৰ পিছত ছুইগীৰ ডেলিভাৰী বয় মৃণাল কিৰদাতক মনত পেলাই তেওঁ কৰা কাৰ্যৰ বাবে প্ৰশংসা কৰে।

এই ঘটনা চুইগী ইণ্ডিয়াইও নিজা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰি মৃণালৰ প্ৰশংসা কৰে। যি ঘটনাই এতিয়া লাখ লাখ নেটিজেনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

Leave a Comment