গুৱাহাটীৰ পদপথৰ সেতুত বিহু নাচিলে অভিনেত্ৰী দেবলীনাই! মূহুৰ্ততে ভাইৰেল হৈ পৰিল ভিডিঅ’

নিউজ ডেস্ক। অসম গৌৰৱ তথা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী দেবলীনা ভট্টাচাৰ্য্যই গুৱাহাটীত উপস্থিত হৈ পদপথৰ নৱনিৰ্মিত সেতুত এইবাৰ বিহু নাচি আপলোড কৰিলে ইনষ্টাগ্ৰামত।

সেই বিহু নৃত্যৰ দৃশ্য এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। দেশ-বিদেশৰ লক্ষাধিক অনুৰাগীয়ে ইতিমধ্যে এই ভিডিঅ’ লাইক কৰাৰ লগতে কমেন্টত প্ৰশংসাৰে ওপচাই পেলাইছ ইনষ্টাগ্ৰাম।

উল্লেখ্য যে ‘সাথ নিভানা সাথিয়া’ নামৰ ধাৰাবাহিক খনৰ অভিনেত্ৰী হিচাপে সকলোৰে পৰিচিত দেবলীনা।

গুৱাহাটীত উপস্থিত হৈ দেৱলীনাই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। সেই অনুষ্ঠানত ‘সাধনা সাহিত্য সমাজে’ প্ৰদান কৰা ‘মহীয়সী বঁটা’ গ্ৰহণ কৰাৰ লগতে গুৱাহাটীত নৱনিৰ্মিত ফুট অভাৰ ব্ৰীজৰ ওপৰত উঠি নাচে বিহু।

অসমীয়াৰ পৰম্পৰাগত মেখেলা চাদৰ পৰিধান কৰি তেওঁ বিহু নাচে আৰু সেই দৃশ্য তেওঁ আপলোড কৰে সামাজিক মাধ্যমত।

ইনষ্টাগ্রামত সেই দৃশ্য শ্বেয়াৰ কৰি দেৱলীনাই কেপচনত লিখে- When in home town “Assam” Bihu dance is must.

চাওক দেবলীনৰ এই বিশেষ ভিডিঅ’-

সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে এই দৃশ্যত আকৰ্ষণীয় মন্তব্য কৰাৰ লগতে শ্বেয়াৰ কৰি ভাইৰেল কৰি পেলাই দৃশ্যটো।

উল্লেখ্য যে দেবলীনা জনপ্ৰিয় ৰিয়েলিটী শ্ব’ৰ বিগ ব’ছতাে অংশগ্ৰহণ কৰি দেশ-বিদেশত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে চাওকঃ

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

ৰাজনীতি

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী! অধীনস্থ থানাত দিলে Sudden Visit

Leave a Comment