গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা আটক ৪ মহিলাসহ ১੦ বাংলাদেশী অনুপ্ৰৱেশকাৰী, দালাল পলাতক

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ তথা ম্যানমাৰৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ ঘটনা এতিয়াও অব্যাহত আছে।

এইবাৰ বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি অসম হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ পথতে আৰক্ষীৰ তালাচীত আটক হয় ৪ মহিলাসহ ১੦ জনকৈ বাংলাদেশী নাগৰিক।

অসম-ত্ৰিপুৰা সীমান্তৰ প্ৰৱেশ পথ চুড়াইবাৰী তালাচী চকীৰ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত পৃথক পৃথক দুখন নৈশ বাছৰ পৰা মুঠ ১০ জন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে।

BDS1-copy

জানিব পৰা মতে, প্ৰথমে আটক কৰা চাৰি বাংলাদেশী অবৈধভাৱে প্ৰৱেশ কৰি ত্ৰিপুৰাত লুকাই আশ্ৰয় লৈ আছিল।

তাৰ পাছত আগৰতলাৰ পৰা শেৰআলি ট্ৰেভেলচেৰে গুৱাহাটী অভিমুখে যাত্ৰা কৰি অসমত প্ৰৱেশ কৰাৰ সময়ত দৈনিক নিয়মীয়া তালাচীত চুড়াইবাৰী আৰক্ষীৰ সন্দেহ হোৱাত সোধপোছ চলাই জানিব পাৰে যে যুৱক কেইজন বাংলাদেশৰ।

তাৰ পাছত আৰক্ষীয়ে লগে লগে নৈশ বাছৰ পৰা নমাই নি চাৰি বাংলাদেশী লোকক আটক কৰে।

যুৱক কেইজন ত্ৰিপুৰাৰ চিপাহীজেলা জিলাৰ অন্তৰ্গত কমলালাগৰৰ হৰিষপুৰ চাহ বাগিচাৰ মাজেৰে ভাৰৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি আগৰতলালৈকে যায়। তাৰ পৰা আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা গুৱাহাটীমুখী বাছত উঠে।

বাকী ৬ জনক ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা অহা দুখন গাড়ীৰ পৰা আটক কৰা হয়।

৬ জন বাংলাদেশীৰ মাজত চাৰি গৰাকী মহিলা আৰু দুজন পুৰুষ। তেওঁলোকৰ লগত আছিল কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি অঞ্চলৰ এটা দালাল।

জানিব পৰামতে, সেই দালাল জনে অবৈধ পথৰে ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তইদি প্ৰৱেশ কৰোৱাইছিল।

বৰ্তমানে আৰক্ষীয়ে সেই সকলক সোধপোছ অব্যাহত ৰাখিছে।

আটক হোৱা বাংলাদেশী কেইজন হ’ল, ফাতেমা আখতাৰ, আলেয়া বেগম, সাফেৰা বেগম, নজমা বেগম, ছোহেল আৰু আব্দুল গাফকাৰ।

কৰিমগঞ্জৰ দালাল জনৰ নাম বিধানচন্দ্ৰ দাস বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

Leave a Comment