গৌৰৱৰ ক্ষণ! বাৰ্মিংহামত ল’ন বলত অসমৰ নয়নমণি শইকীয়াৰ দলে জয় কৰিলে স্বৰ্ণ পদক

নিউজ ডেস্ক। অসমৰ লগতে দেশবাসীয়ে আশা কৰা ধৰণেই বাৰ্মিংহামত স্বৰ্ণ পদক জয় কৰিলে ভাৰতৰ ল’ন বলৰ দলে।

সৃষ্টি হ’ল এক নতুন ইতিহাস।

আজি কমনৱেলথ গেমছত দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত ফাইনেল খেলত ১৭-১০ ব্যৱধানত এই পদক জয় কৰিবলৈ সক্ষম হয় অসমৰ নয়নমণি শইকীয়াই প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটােৱে।

নয়নমণিৰ উপৰি এই দলটােত আছে লাভলী চৌবে, পিংকি সিঙ আৰু ৰূপা ৰাণী তিৰ্কী।

উল্লেখ্য যে স্বৰ্ণ পদক জয়ৰ এই খবৰে নয়নমণি শইকীয়াৰ ওপজা গাওঁখনৰ লগতে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে।

উল্লেখ্য যে নয়নমণি শইকীয়া সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু টেঙাহােলা গাঁৱৰ বােৱাৰী।