গৰুক গো-মাতা বুলি পূজা কৰা বিজেপিৰ নেতাই উজনি অসমত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট! অৱশেষত গ্ৰেপ্তাৰ

গো-আইন প্ৰণয়ন কৰি গো-সুৰক্ষাৰ কথা কয় বিজেপিয়ে। গৰুক গো-মাতা বুলি পূজা কৰি অতি হিন্দুত্ববাদী আদৰ্শ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা বিজেপি চৰকাৰৰ একাংশ নেতা-পালিনেতাই পিছে অবৈধ গৰু ছিণ্ডিকেট চলাই আছে।

শেহতীয়াকৈ উজনি অসমৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

G7

থাওৰা সমষ্টিৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিতি ছত্ৰধৰ গগৈয়ে শিৱসাগৰ জিলাৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড়, লক্ষীমপুৰত চলাই আহিছিল গৰুৰ ছিণ্ডিকেট।

অসমৰ গৰু গোপনে সৰবৰাহ কৰাত মূল ভূমিকা পালন কৰা বিজেপিৰ এইজন প্ৰভাৱশালী নেতাক অৱশ্যে অৱশেষত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নিৰ্দেশত শিৱসাগৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰে বিজেপি নেতা ছত্ৰধৰ গগৈ সহ মুঠ ৪ জন গৰু সৰবৰাহকাৰীক। ধৃত আন সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে- দাদুল আলী। কলীয়া আলী আৰু জাবেদ আলী।

আটাইকেইটা গৰু মাফিয়াক শিৱসাগৰ থানাৰ case no 26/2022 U/S353/379/279 IPC R/W sec 13 assam cattle preservation act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিত যোগ দিছিল ছত্ৰধৰ গগৈয়ে। বিজেপিত যোগদানৰ পিছতে তেওঁ বিজেপিৰ থাওৰা পানীদিহিং, অ’বিচি মৰ্চাৰ সম্পাদক হিচাপে দায়িত্ব লাভ কৰে।

আনহাতে বিজেপিত যোগদানৰ পিছত একাংশ ক্ষমতাশালী নেতাৰ আশীৰ্বাদ লৈ উজনি অসমত গৰু ছিণ্ডিকেট চলাই থকা বুলি ছত্ৰধৰ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

একাংশ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত অতি সহজে গৰু ছিণ্ডিকেট চলাই থকা ছত্ৰধৰ গগৈৰ দৰে বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হব।

লগতে চাওকঃ

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

G1

Leave a Comment