নিউজ ডেস্ক। বৰ্তমান যুৱ সমাজৰ জীৱন বন্দী হৈছে মোবাইল ফোন বা কম্পিউটাৰত। প্ৰযুক্তিৰ বিকাশে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মানৱ জীৱনত। অনলাইন গেমৰ নিচাত মত্ত নৱ প্ৰজন্মই নিজৰ জীৱনলৈ মাতি আনিছে বিপদ।
এইবাৰ এনে এক মৰ্মান্তিক ঘটনাই সংঘটিত হৈছে পণ্ডিচেৰীত। এজন ১৬ বছৰীয়া কিশোৰে অনলাইন গেমত ঘণ্টাৰ পিছত ঘণ্টা ব্যস্ত থাকি মস্তিষ্কত আঘাত পায় আঁকোৱালি লৈছে মৃত্যুক। অনলাইন গেমৰ বাবেই অকালতে হেৰুৱালে নিজৰ জীৱন।
আৰক্ষীৰ সূত্ৰ অনুসৰি কিশোৰজনৰ নাম দৰ্শন। পণ্ডিচেৰীৰ ভিল্লিয়ানুৰৰ আনাই থাৰ্চা অঞ্চলৰ বাসিন্দা। ভিল্লিয়ানুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ তেওঁ।
সোমবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত পঢ়া টেবুলত অনলাইন গেম ‘ফায়াৰ ৱাল’ খেলি থকা সময়তে মাটিত পৰি যায় কিশোৰজন।
কিশোৰটিৰ পিতৃ-মাতৃয়ে দিয়া তথ্য অনুসৰি, বিদ্যালয়ৰ পৰা আহি আবেলি কিশোৰজনে অনলাইন গেমত ব্যস্ত হৈছিল। আবেলি ৩ বজাৰ পৰা স্মাৰ্টফোনত কিশোৰজন ব্যস্ত হৈছিল অনলাইন গেমত। তাৰ পিছতেই সন্ধিয়া ৭ বজাত হঠাৎ সি মাটিত শুই পৰে।
প্ৰথমতে কিশোৰটিক এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও অৱস্থা অতি গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয় অন্য এখন চিকিৎসালয়লৈ। তাতেই এজন চিকিৎসকে জনায় যে কিশোৰটিক বচাব পৰা নাযাব।
চিকিৎসকৰ প্ৰথম নিৰীক্ষণত ধৰা পৰা অনুসৰি মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হয় কিশোৰটিৰ। অৱশ্যে মৃত্যুৰ কাৰণ অনলাইন গেম নহ’বও পাৰে বুলি জনায় চিকিৎসকে। কিশোৰটিৰ শাৰীৰিক অৱস্থা কেনেকুৱা আছিল সেইয়াও লক্ষণীয় হিচাপে বিবেচিত হ’ব। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি জনায় চিকিৎসকে।
লগতে চাওকঃ