সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

নিউজ ডেস্ক। সাগৰৰ পানীৰ ৬০ফুট গভীৰতাৰ তলত গৈ বিবাহ সম্পন্ন কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে তামিলনাডুৰ এহাল নৱ-দম্পতীয়ে।

মূলতঃ সাগৰত ক্ৰমাৎ বৃদ্ধি পােৱা প্ৰদূষণ ৰােধ কৰাৰ বাবে জন সচেতনতা সৃষ্টিৰ লক্ষ্যৰে এনেদৰে ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লে নৱ দম্পতীয়ে।

এই বিশেষ বিবাহৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পানীৰ গভীৰতাত ৪৫ মিনিটৰ এই বিবাহ সম্পন্ন হয় যোৱা ১ ফেব্ৰুৱাৰীত।

চেন্নাইৰ নিলানকাৰাই উপকূলৰ সাগৰৰ পানীৰ গভীৰতাত তেওঁলোকে বিয়াত সোমায়।

প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা বিয়পােৱাৰ লগতে তিৰুৱান্নমালাইৰ দৰা চিনাডুৰাই আৰু ক’ইম্বাটোৰৰ কইনা শ্বেতাই দুয়োৰে বিয়া স্মৰণীয় কৰি ৰাখিবলৈ এনেদৰে বিবাহপাশত আবদ্ধ হােৱাৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য যে বিশ্বজুৰি সাগৰৰ বুকুত বৰ্জনীয় তথা প্ৰদূষণ সৃষ্টিকাৰী সামগ্ৰীৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত এনে সৰু সৰু প্ৰচেষ্টাও জনসচেনতা সৃষ্টিৰে এনে প্ৰদূষণ ৰােধ কৰিবলৈ আনক অনুপ্ৰাণিত কৰিব।

Leave a Comment