ঘনে-ঘনে বিদেশ ভ্ৰমণ, ৰাজকীয় জীৱন যাপন! অ’চি উৎপল বৰাৰ গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা আৰক্ষী অক্ষীক্ষকৰ…

ঘনে-ঘনে বিদেশ ভ্ৰমণ, ৰাজকীয় জীৱন যাপন! অ’চি উৎপল বৰাৰ গ্ৰেপ্তাৰৰ কাৰণ ব্যাখ্যা আৰক্ষী অক্ষীক্ষকৰ…

July 27, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল অসম আৰক্ষীৰ খাকী পােছাক।

ক্ষমতাৰ অপ্ৰয়োগ কৰি ভুৱা গোচৰৰ জালত পেলাই সাধাৰণ লােকক দাবী কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া।

এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ আহে, সেইদৰেই বিপদ নামিল অ’চি উৎপল বৰালৈও।

ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকক ভুৱা গোচৰত ফচাই ধন দাবী কৰি এতিয়া নিজেই হাতত হাতকেৰেয়া লগাবলগীয়া হ’ল এছআই উৎপল বৰাই।

উল্লেখ্য যে, বৰ্তমান খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাই ধূলা আৰক্ষী থানাৰ অ’চি হৈ থকা সময়তে সংঘটিত কৰিছিল সেই কু-কৰ্ম।

জল জীৱন মিছন আঁচনিৰ পাইপ চুৰি কৰা বুলি এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৫ লাখ টকা দাবী কৰিছিল এছআই উৎপল বৰাই।

কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনৰ এনে কাণ্ডৰ বিৰুদ্ধে দুয়োগৰাকী ব্যক্তিয়ে উচ্চ পৰ্যায়ৰ আৰক্ষীৰ কাষ চপাত ঘটনাৰ তদন্ত আৰম্ভ হয় আৰু সত্যাসত্য নিৰূপণ কৰি অৱশেষত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উৎপল বৰাক।

উল্লেখ্য যে, এই ঘটনাৰ উপৰিও এতিয়া লাহে লাহে পোহৰলৈ আহিছে এছআই উৎপল বৰাৰ আন বহু দুৰ্নীতিৰ কাহিনী।

মাটিৰ দালালৰ সৈতে আৰক্ষী বিষয়াগৰাকীৰ গোপন সম্পৰ্ক থকাৰ অভিযোগো শেহতীয়াকৈ উত্থাপন হৈছে।

সমান্তৰালভাৱে সাধাৰণ এছআই হৈ দুবাৰকৈ বিদেশ ভ্ৰমণ কৰা উৎপল বৰাৰ বিলাসী বাহন আৰু অগাধ সম্পত্তিক লৈও প্ৰশ্ন তুলিছে অনেকে।

খাকী পোছাকত কলংক সানি ক্ষমতাৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক হাৰাশাস্তি কৰা আৰু ভুৱা গোচৰৰ নামত ধন দাবী কৰি অহা অ’চি উৎপল বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

বৰ্তমান মঙলদৈ থানাত সোধাপোছা চলাই থকা হৈছে আৰক্ষী বিষয়াজনক।