ঘন্টাত ২৩੦ কিমি বেগত BMW গাড়ী চলােৱাৰ ভয়ংকৰ পৰিণতি, চিকিৎসক, অভিযন্তাসহ থিতাতে মৃত্যু ৪ জনৰ

নিউজ ডেস্ক। সৰ্বাধিক স্পীড লিমিটতকৈ অধিক দ্ৰুতবেগত গাড়ী চলোৱাৰ ভয়ংকৰ পৰণতি ভুগিবলগীয়া হল ৪ বন্ধুৱে।

এক্সপ্ৰেছৱেত ঘণ্টাত ২৩০ কিলোমিটাৰ বেগত বিএমডব্লিউ চলোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় ৪ জনকৈ লোকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত।

উল্লেখ্য যে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ কিছু মুহূৰ্ত পূৰ্বে ফেচবুক লাইভযোগে গাড়ীৰ স্পীড দেখুৱাইছিল বাহনখনত থকা এজন লোকে।

কিন্তু তাৰ পিছতে দ্ৰুতবেগী বিএমডব্লিউখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ চুলতানপুৰত শুকুৰবাৰে সন্ধিয়া এখন কণ্টেইনাৰ ট্ৰাক আৰু এখন বিএমডব্লিউৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় ৪ জনকৈ লোক।

দুৰ্ঘটনাত নিহত সকলক বিহাৰৰ ৰোহতাছ জিলাৰ দেহৰীৰ নিৱাসী চিকিৎসক তথা জেডিইউ নেতাৰ পুত্ৰ ডা০ আনন্দ কুমাৰ, বলভদ্ৰপুৰৰ নিৱাসী দীপক কুমাৰ, অখিলেশ সিং আৰু ভোলা কুশৱাহা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, জামুহাৰৰ NMCHৰ কুষ্ঠৰোগ বিভাগত HOD হিচাপে কৰ্তব্যৰত চিকিৎসক ডা০ আনন্দ কুমাৰে শুকুৰবাৰে ৩ বন্ধুৰ সৈতে দেহৰিৰ পৰা উত্তৰ প্ৰদেশৰ ফৈজাবাদলৈ বিএমডব্লিউ বাহনেৰে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত তেওঁলোকে যাত্ৰা কৰা বাহনখনে এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মৰাৰ ফলত বাহনখনত থকা চাৰিও জনৰে ঘটনাস্থলীতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, ঔৰংগাবাদৰ ৰোহতাছকে ধৰি বহু জিলাৰ এগৰাকী সুপৰিচিত চিকিৎসক ডা০ আনন্দ কুমাৰে মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

পথ দুৰ্ঘটনাত চিকিৎসকগৰাকীৰ লগতে ৪ জনকৈ লোকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।